অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকৰ কল্যাণৰ বাবে সীতাৰমণৰ বাজেটত ১০০০ কোটি টকা আৱণ্টন

WhatsApp-Image-2020

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দাখিল কৰা সাধাৰণ বাজেটত অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকৰ কল্যাণৰ বাবে ১০০০ কোটি টকা আৱণ্টন দিয়া হৈছে।

এই ধন ৰাশি দুয়ো খন ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ স্বাস্থ্য, শিক্ষা আদিৰ উন্নয়নৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব বুলি আশা কৰা হৈছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২০ বৰ্ষৰ ২৭ ফেব্ৰুৱাৰীত অসমলৈ অহাৰ সময়তে ৰাজ্যৰ চাহ শ্ৰমিকসকলৰ দুৰ্দশাৰ ছবি খন প্ৰত্যক্ষ কৰি তেওঁলোকৰ উন্নয়নৰ বাবে  বৃহৎ অংকৰ ধনৰ প্ৰয়োজন হ’ব বুলি কৈছিল।

একেদৰে অসমৰ চাহ উদ্যোগৰ পুনৰুজ্জীৱিতকৰণৰ বাবে  ধনৰ প্ৰয়োজনৰ লগতে অসমে জিএছটিৰ প্ৰায় ১০০০ কোটি টকা ওভতাই নোপোৱাৰ কথাও স্বীকাৰ কৰিছিল।

গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনিক মহাবিদ্যালয়ত অনুষ্ঠিত ‘জন জন কী বাজেট’ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে অসমৰ চাহ উদ্যোগে মুখামুখি হোৱা সংকট সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল।

সীতাৰমণে আজি দাখিল কৰা বাজেটত তাৰ প্ৰতিফলন ঘটা দেখা গ’ল।