পশ্চিম বংগত ইডি- ৰ অভিযানত তৃণমূল মন্ত্ৰীৰ ঘনিষ্ঠ সহযোগীৰ ঘৰত ওলাল ২০ কোটি টকাৰ নগদ ধন

Rs 20 crore found at Trinamool minister's aide home

পশ্চিম বংগ বিদ্যালয় সেৱা আয়োগ আৰু প্ৰাথমিক শিক্ষা পৰিষদত নিযুক্তি কেলেংকাৰীৰ তদন্ত চলাই থকা কেন্দ্ৰীয় সংস্থা এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে আজি তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ সহযোগী অৰ্পিতা মুখাৰ্জীৰ আৱাসিক চৌহদৰ পৰা উদ্ধাৰ কৰিছে প্ৰায় ২০ কোটি টকাৰ নগদ ধন।

কেলেংকাৰীৰ গোচৰত অভিযুক্ত কেইবাগৰাকীও ব্যক্তিৰ বাসস্থান চৌহদত তালাচী অভিযান চলাই থকাৰ সময়তে কেন্দ্ৰীয় সংস্থাটোৱে এই বৃহৎ পৰিমাণৰ নগদ ধন উদ্ধাৰ কৰা হৈছে।

এই বৃহৎ পৰিমাণৰ ধনৰাশি পশ্চিম বংগ বিদ্যালয় সেৱা আয়োগ কেলেংকাৰীৰ জৰিয়তে সংগ্ৰহ কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। ইডি- ৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে অনুসন্ধানকাৰী দলটোৱে এই বৃহৎ পৰিমাণৰ নগদ ধনৰ লগতে ২০ টাতকৈও অধিক মোবাইল ফোন উদ্ধাৰ কৰা হৈছে।

এই মোবাইল ফোনসমূহ কেলেংকাৰীৰ উদ্দেশ্যে বিভিন্ন সময়ত ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে বুলি এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ শীৰ্ষ বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

এই কেলেংকাৰীৰ সৈতে জড়িত অভিযুক্ত ব্যক্তিসকলৰ চৌহদৰ পৰা ইডিয়ে বহু আপত্তিজনক নথিপত্ৰ, সন্দেহজনক কোম্পানীৰ বিৱৰণ, ইলেক্ট্ৰনিক সঁজুলি, বিদেশী মুদ্ৰা আৰু সোণ উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কেন্দ্ৰীয় সংস্থাটোৱে গোচৰটোৰ সন্দৰ্ভত পশ্চিম বংগৰ মন্ত্ৰী তথা তৃণমূল নেতা পাৰ্থ চেটাৰ্জী আৰু পৰেশ অধিকাৰীৰ বাসগৃহতো অভিযান আৰম্ভ কৰিছে। দুয়োজন মন্ত্ৰীক চিবিআইয়ে বিদ্যালয় সেৱা আয়োগ নিযুক্তি কেলেংকাৰীৰ গোচৰত কেইবা ঘণ্টা ধৰি সোধা-পোছা কৰি আহিছে।

মন্ত্ৰীকেইগৰাকীৰ লগতে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে কেইবাগৰাকীও কৰ্তব্যৰত তথা প্ৰাক্তন প্ৰশাসনিক বিষয়াৰ চৌহদতো অনুসন্ধান চলাই আছে।

স্মৰ্তব্য যে কলিকতা উচ্চ ন্যায়ালয়ে কেইবাখনো ৰিট আৱেদনত শেহতীয়াকৈ চি বি আই- ক গ্ৰুপ ‘চি’ আৰু ‘ডি’ কৰ্মচাৰী, নৱম-দ্বাদশ শ্ৰেণীৰ সহকাৰী শিক্ষক আৰু প্ৰাথমিক শিক্ষকসকলৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত চলাবলৈ নিৰ্দেশ দিছিল।

এই নিৰ্দেশৰ পাছতে গ্ৰুপ চি আৰু ডি কৰ্মচাৰী, সহকাৰী শিক্ষক (নৱম-দ্বাদশ শ্ৰেণী) আৰু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ অবৈধ নিযুক্তিৰ সৈতে জড়িত অভিযুক্ত সকলৰ বিৰুদ্ধে ইডিয়ে মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত গোচৰৰ তদন্ত কৰি আছে।