একেবাৰে ৪৫ দিনৰ প্ৰশিক্ষণ। তাৰ পিছত ‘চাকৰি’। দৰমহা মাহে ২৫ হাজাৰ টকা। কিন্তু কামটো কি? মোবাইল চুৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজ্যৰ আৰক্ষীয়ে দুজন চোৰক গ্ৰেপ্তাৰ কৰি এনে আশ্চৰ্যজনক তথ্য লাভ কৰে।
গুজৰাট আৰক্ষীৰ তথ্য অনুসৰি মোবাইল চুৰি চক্ৰটোৱে বিভিন্ন ৰাজ্যত কাম কৰি আছিল। সেই চক্ৰৰ কাম হ’ল ভিৰৰ পৰা কাৰোবাৰ মোবাইল চুৰি কৰি বহিঃৰাজ্যলৈ চোৰাংকৈ সৰবৰাহ কৰা। তদন্তকাৰীয়ে লোক দুজনক জেৰা কৰি অধিক তথ্য জানিবলৈ চেষ্টা চলাইছে।
লগতে পঢ়কঃ পানীৰ পৰা প্লাষ্টিক ফিল্টাৰ কৰিব চুম্বকে; খোৱাপানী বিশুদ্ধ কৰিবলৈ নতুন উদ্ভাৱন ‘নেনো-মেগনেট’
গুজৰাটৰ আহমেদাবাদ আৰক্ষীৰ তথ্য অনুসৰি মোবাইল চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা যুৱক দুজনে আগতে ঝাৰখণ্ডত ঠিকাভিত্তিক শ্ৰমিক হিচাপে কাম কৰিছিল। কিছুদিন চুৰাটতে আছিল। এজন ব্যক্তিৰ নাম অবিনাশ মাহাতো। বয়স ১৯ বছৰ। আনজন অভিযুক্ত হৈছে শ্যাম কুৰ্মী। তেওঁৰ বয়স ২৬ বছৰ। দুয়োজনৰ পৰা মুঠ ২৯টা আইফোন আৰু ৯টা ৱান প্লাছ ফোন উদ্ধাৰ কৰে আৰক্ষীয়ে।
আৰক্ষীৰ জেৰাৰ সময়ত ধৃতসকলে কয় যে মোবাইল ফোনসমূহ চুৰি কৰাৰ পিছত ‘আনলক’ কৰি বাংলাদেশ আৰু নেপাললৈ পঠোৱাৰ দায়িত্ব তেওঁলোকৰ। আগতে এই কামৰ বাবে মাহেকীয়া দৰমহা পাইছিল। বন্দীসকলে ৪৫ দিনৰ ম’বাইল ফোন চুৰিৰ প্ৰশিক্ষণ লাভ কৰা বুলিও জানিবলৈ দিয়ে। ইয়াৰ পিছত এই ‘চাকৰি’ দিয়া হয়।
তদন্তকাৰীৰ মতে অভিযুক্তৰ পৰিকল্পনা অতি সহজ। প্ৰথমতে দুজনে মানুহৰ ভিৰৰ মাজত মিলি থাকে। এজনৰ চকু কাৰোবাৰ বেগ বা পকেটত থাকে। মোবাইলটো চুৰি কৰাৰ লগে লগে সংগীৰ লগত বিনিময় কৰে। তাৰ পৰাই প্ৰথমে মোবাইলটো ‘আনলক’ কৰা হয় । ইয়াৰ পিছত বহিঃৰাজ্যলৈ চালান কৰা হয় ।
লগতে পঢ়কঃ জীৱনে মৰণে সংগী পত্নী! হাতত হাত থৈ স্বেচ্ছাই মৃত্যু সাৱটিলে নেদাৰলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে
এজন ধৰা পৰিলে আনজন সংগী পলায়ন কৰে। এইদৰেই চলে ‘চাকৰি’। অৱশ্যে চুৰাটৰ পৰা একে সময়তে দুজন ধৰা পৰাৰ পিছতে চৰ্চালৈ আহিছে মোবাইল ফোন চুৰি সম্পৰ্কীয় বিভিন্ন তথ্য।