NORTHEAST NOW (Assamese)

অথলে গ’ল ৩.২৫ কোটি টকাৰ জল জীৱন প্ৰকল্পৰ : উদ্বোধনৰ ৪ মাহ পিছতো এটুপিও পানী পোৱা নাই ৰাইজে

July 29, 2025 11:14 am · নৰ্থ-ইষ্ট নাও

শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণনগৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ২ নং মকামচৰাত ৩.২৫ কোটি টকাৰ খোৱাপানী যোগান প্ৰকল্পৰ উদ্বোধনৰ চাৰি মাহৰ পাছতো খোৱাপানীৰ সুবিধা পোৱা নাই গাঁওবাসীয়ে।

বিড়ম্বনাৰ কথাটো হল, ধাননি পথাৰৰ মাজত আৰু মানুহৰ বাসস্থানৰ পৰা বহু দূৰত পানীৰ প্ৰকল্পটো স্থাপন কৰা হৈছে। সেয়েহে, প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছৰে পৰা এটোপাল পানীও বৈ যোৱা নাই গাঁওবাসীৰ ওচৰলৈ।

স্থানীয় লোকে অভিযোগ কৰিছে যে জল জীৱনৰ পানী নোপোৱাৰ বাবে তেওঁলোকে পুখুৰী আৰু ওচৰৰ অন্যান্য উৎসৰ পৰা অপৰিশোধিত পানী সেৱন কৰিবলৈ বাধ্য হৈছে।

কেন্দ্ৰীয় ফ্লেগশ্বিপ আঁচনিৰ অধীনত নিৰ্মিত আৰু স্থানীয় বিধায়ক বিজয় মালাকাৰে উদ্বোধন কৰা এই পানী প্লাণ্টটোৱে শ শ পৰিয়ালক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাৰ সম্ভাৱনা আছিল। কিন্তু ই এতিয়া জনতাৰ মোহভংগ আৰু দুৰ্নীতিৰ প্ৰতীক হৈ পৰিছে।

ইফালে গাঁৱৰ ৰাইজে ঠিকাদাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি, ঘৰে ঘৰে পানীৰ নল দিবলৈ হ’লে ঠিকাদাৰে ঘোচ দিয়াৰ চৰ্ত আৰোপ কৰিছে।উল্লেখ্য যে কেৱল শ্ৰীভূমিতে নহয়, সমগ্ৰ অসমতে এতিয়া পয়ালগা অৱস্থান জলজীৱন মিছনৰ। বহু ঠাইত পানীৰ প্লান্ট স্থাপনৰ কৰা হৈছে যদিও স্থানীয় ৰাইজে এতিয়াও লাভ কৰা নাই পানীৰ যোগান।

Related News