NORTHEAST NOW (Assamese)

সদৌ অসম নিয়ন্ত্ৰিত বজাৰ সমিতি কৰ্মচাৰী সন্থাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ পঞ্চাশ হেজাৰ টকাৰ বৰঙণি

May 31, 2021 5:54 pm · প্ৰণৱ কুমাৰ ডেকা

অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ অন্তৰ্গত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ সংগঠন সদৌ অসম নিয়ন্ত্ৰিত বজাৰ সমিতি কৰ্মচাৰী সন্থাই আজি অসমৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ পঞ্চাশ হেজাৰ এশ এটকাৰ এখন চেক প্ৰদান কৰে ৷

সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মণিৰাম শইকীয়া, সাধাৰণ সম্পাদক মনোজ কুমাৰ ৰায়, কাৰ্যকৰী সদস্য ৰেজাউল হক আৰু নৃপেন সূত্ৰধৰে আজি বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মী প্ৰিয়াৰ হাতত চেক প্ৰদান কৰে৷

কৰ্মচাৰী সন্থাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে ৰাজ্য চৰকাৰে ক’ৰোনা মহামাৰীৰ সৈতে চলাই থকা যুঁজত সামান্য পৰিমাণৰ হলেও সহায়ক হোৱাকৈ এই বৰঙণি আগবঢ়োৱাৰ কথা ব্যক্ত কৰে ৷

লগতে বৰ্তমান কৃষি বিপণন পৰিষদত পুঁজিৰ অভাৱত কৰ্মচাৰীসকলৰ দৰমহা বন্ধ হৈ থকাত মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ সন্তোষজনক বৰঙণি আগবঢ়াব পৰাই নাই বুলি উল্লেখ কৰি দৰমহা হলে পুনৰ কৰ্মচাৰীসকলৰ প্ৰত্যেকে এদিনৰ দৰমহা কৰ্তন কৰি মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ আগবঢ়াব বুলিও জানিবলৈ দিয়ে ৷

Related News