চোৰাংচোৱা তথ্যৰ আধাৰত আৰক্ষীয়ে পৰীক্ষাৰ বাবে ৰখাইছিল এখন বিলাসী ইন’ভা বাহন। পৰীক্ষাৰ সময়ত আৰক্ষীয়ে বাহনখনৰ ভিতৰৰ পৰা ছয়টা প্লাষ্টিকৰ বেগ আৰু বেগকেইটা খোলাৰ লগে লগে চকু কপালত উঠে আৰক্ষীৰ।
ইন’ভা গাড়ীখনত থকা প্লাষ্টিকৰ বেগৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে টকাৰ অসংখ্য বাণ্ডিল। এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ হোলালকেৰেত। বুধবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ নগদ ধনখিনি।
এই বৃহৎ পৰিমাণৰ নগদ ধন কঢ়িয়াই অনা গাড়ীখনৰ গতিবিধিৰ বিষয়ে চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে যাত্ৰাৰত গাড়ীখন পৰীক্ষাৰ বাবে ৰখাই দিয়ে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, গাড়ীখন অধিক তদন্তৰ বাবে জব্দ কৰি থানালৈ লৈ যোৱা হয়। প্ৰাৰম্ভিক গণনাত ৮ কোটি টকা নগদ ধন লাভ কৰা বুলি আৰক্ষীয়ে সদৰী কৰিছে।
প্ৰাথমিক তদন্তত ধনখিনি মালনাড ট্ৰেডাৰ্ছ নামৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সুৰেশ নামৰ এজন লোকৰ ব্যৱসায়ৰ বাবে শিৱমোগ্গা অভিমুখে লৈ যোৱা বুলি সন্দেহ কৰা হৈছে।