ৰাম মন্দিৰৰ অভিষেকৰ আগদিনা দিয়ক জয় শ্ৰীৰাম ধ্বনিঃ মুছলমান সমাজলৈ আহ্বান আৰ এছ এছ নেতাৰ

Ram Mandir Jai Shri Ram

অহা ২২ জানুৱাৰীত অযোধ্যাত অনুষ্ঠিত হ’ব ৰাম মন্দিৰ অভিষেক অনুষ্ঠান। সেই উপলক্ষে পূৰ্ণ প্ৰস্তুতিত নামি পৰিছে দেশৰ শাসকীয় বিজেপি চৰকাৰৰ লগতে হিন্দুত্ববাদী সংগঠনসমূহ।

তাৰ মাজতে দেশৰ মুছলমান লোকসকললৈ এক বিশেষ আহ্বান জনাইছে এগৰাকী আৰ এছ এছ নেতাই।

আৰ এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য ইন্দ্ৰেশ কুমাৰে ৰাম মন্দিৰৰ অভিষেকৰ আগদিনা মুছলমানসকলক মছজিদ, দৰগাহ আৰু মাদ্ৰাছাত “শ্ৰী ৰাম, জয় ৰাম, জয় জয় ৰাম” ধ্বনি দিবলৈ আহ্বান জনায়।

এক অনুষ্ঠানত কুমাৰে কয় যে ভাৰতৰ মুছলমান আৰু অন্যান্য অহিন্দুৰ প্ৰায় ৯৯ শতাংশ লোক দেশৰে থলুৱা লোক। ইন্দ্ৰেশ কুমাৰৰ মতে, এই লোকসকলে নিজৰ ধৰ্ম সলনি কৰিছে, দেশ নহয়।

তেওঁ লগতে ইছলাম, খ্ৰীষ্টান, শিখ ধৰ্ম বা আন যিকোনো ধৰ্ম পালন কৰা লোকসকলক শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাবে নিজ নিজ ধৰ্মীয় স্থানত প্ৰাৰ্থনা কৰি অযোধ্যাত অনুষ্ঠিত হোৱা অভিষেক অনুষ্ঠানত যোগদান কৰিবলৈ আহ্বান জনায়।

আৰ এছ এছ নেতাগৰাকীয়ে লগতে কয় যে আমাৰ উমৈহতীয়া পূৰ্বপুৰুষ, উমৈহতীয়া মুখ আৰু এক উমৈহতীয়া সপোনৰ পৰিচয় আছে। আমি সকলোৱে এই দেশৰ, বিদেশীৰ লগত আমাৰ কোনো সম্পৰ্ক নাই।

সেই সূত্ৰে তেওঁ সকলো মুছলমান লোককে দৰগাহ, মকতাব, মাদ্ৰাছা আৰু মছজিদত ১১ বাৰকৈ ‘শ্ৰী ৰাম জয় ৰাম জয় ৰাম’ ধ্বনি দিবলৈ আহ্বান জনায়।

কুমাৰে লগতে গুৰদ্বাৰা, গীৰ্জা আৰু সকলো ধৰ্মীয় স্থানলৈও একে আহ্বান জনাই ২১-২২ জানুৱাৰীত নিশা ১১-২ বজাৰ ভিতৰত নিজৰ প্ৰাৰ্থনা গৃ্হসমূহ সুন্দৰকৈ সজাই তুলিবলৈ তথা ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান টিভিত চাবলৈ আহ্বান জনায়।