দিল্লীত বিজেপিৰ সাংগঠনিক সালসলনিৰ মাজতে নগেন্দ্ৰ নাথ ত্ৰিপাঠীক ডাঙৰ দায়িত্ব দিয়া হৈছে। সোমবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে তেওঁক দলৰ নতুন ‘ৰাষ্ট্ৰীয় সংগঠক (বিশিষ্ট কৰ্মী যোগাযোগ)’ হিচাপে নিযুক্তি দিয়ে। দলটোৱে জনাইছে যে তেওঁৰ মুখ্য কাৰ্যালয় দিল্লীত হ’ব।
বিজেপিৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সৃষ্টি হৈছে ‘ৰাষ্ট্ৰীয় সংগঠক’ নামৰ এটা সুকীয়া পদ। বিজেপিৰ সূত্ৰৰ মতে, দলটোৰ কলেবৰ বৃদ্ধি পোৱাৰ লগে লগে অভিজ্ঞ কৰ্মীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰখাটো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। সেই প্ৰয়োজনৰ বাবেই প্ৰথমবাৰৰ বাবে এই বিশেষ পদটো সৃষ্টি কৰা হৈছে।
ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, আগন্তুক নিৰ্বাচন আৰু বিভিন্ন ৰাজ্যত সাংগঠনিক পুনৰ্গঠনৰ পূৰ্বে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ এক বৃহৎ কৌশলগত পদক্ষেপ হিচাপে ত্ৰিপাঠীৰ নিযুক্তি। তেওঁৰ মূল প্ৰত্যাহ্বান হ’ব জ্যেষ্ঠ কৰ্মীৰ অভিজ্ঞতা আৰু নতুন নেতৃত্বৰ মাজত এখন সেতু নিৰ্মাণ কৰা।
এফালে সাংগঠনিক সম্প্ৰসাৰণ আৰু আনফালে নতুন নেতৃত্বৰ উত্থানৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ লগতে জ্যেষ্ঠ কৰ্মীসকললৈ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণৰ ক্ষেত্ৰত বিজেপিৰ এই পদক্ষেপৰ বিশেষ তাৎপৰ্য আছে।
দলৰ ব্যাখ্যা অনুসৰি দ্ৰুত সম্প্ৰসাৰণ আৰু বৃদ্ধি পোৱা সাংগঠনিক গাঁথনিৰ বাবে বহু জ্যেষ্ঠ আৰু অভিজ্ঞ কৰ্মীৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰখাটো কঠিন হৈ পৰিছে। সেইবাবেই এটা পদ সৃষ্টি কৰা হৈছে, যাৰ মূল কাম হ’ব দলৰ পুৰণি কৰ্মী, প্ৰাক্তন বিষয়ববীয়া আৰু দীৰ্ঘদিনীয়া সংগঠকসকলৰ সৈতে প্ৰত্যক্ষ যোগাযোগ বজাই ৰখা আৰু তেওঁলোকৰ অভিজ্ঞতাক সংগঠনৰ কামত ব্যৱহাৰ কৰা।
জানিব পৰা মতে, এই নতুন পদত নিযুক্তি পোৱা ত্ৰিপাঠীয়ে জ্যেষ্ঠ কৰ্মীসকলৰ মতামত সংগ্ৰহ কৰি নেতৃত্বলৈ সাংগঠনিক পৰামৰ্শ প্ৰেৰণ কৰাৰ লগতে বিভিন্ন ৰাজ্যৰ পুৰণি দলীয় কৰ্মীসকলক সক্ৰিয়ভাৱে জড়িত কৰাৰ কাম কৰিব।
দীৰ্ঘদিন ধৰি পৰ্দাৰ আঁৰত থাকি সংগঠনটোক শক্তিশালী কৰাৰ কামৰ বাবে পৰিচিত ত্ৰিপাঠীয়ে বৰ্তমান বিজেপিৰ বিহাৰ-ঝাৰখণ্ড অঞ্চলৰ আঞ্চলিক সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব চম্ভালি আছে। ইয়াৰ পূৰ্বে প্ৰায় ৮ বছৰ উত্তৰ প্ৰদেশত বিজেপিৰ সাংগঠিনক সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰ এছ এছৰ প্ৰচাৰক হিচাপেও তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আছে।
উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ সন্ত কবীৰ নগৰৰ বেলাৱলী গাঁৱৰ এটা খেতিয়ক পৰিয়ালত ত্ৰিপাঠীৰ জন্ম হৈছিল। ছাত্ৰ দিনৰ পৰাই আৰ এছ এছ আৰু এ বি ভি পিৰ লগত জড়িত আছিল।
ৰাজনৈতিক মহলে বিশ্বাস কৰে যে তেওঁৰ সংগঠনৰ ভেটি শক্তিশালী কৰা, পুৰণি কৰ্মীৰ সৈতে যোগাযোগ বজাই ৰখা আৰু নতুন প্ৰজন্মৰ কৰ্মীক ৰাজনৈতিকভাৱে প্ৰশিক্ষণ দিয়াৰ ক্ষমতাক গুৰুত্ব দিয়েই পদোন্নতি দিয়া হৈছে।





