ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই আজি দেশৰ গ্ৰহকসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰে।
ইয়াৰ ভিতৰত RTGS সেৱা সম্পৰ্কীয় ঘোষণাও এটা।ৰিজাৰ্ব বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে প্ৰকাশ কৰা মতে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা RTGS সেৱাৰ সুবিধা ২৪ ঘণ্টাই উপলব্ধ হব।
কেৱল সেয়াই নহয়, RTGSৰ ক্ষেত্ৰত পূৰ্বে সৰ্বাধিক ২ লাখ টকাহে লেন-দেন কৰিব পৰা গৈছিল যদিও ডিচেম্বৰ মাহৰ পৰা সেই সীমা বৃদ্ধি কৰা হব।
ৰিজাৰ্ভ বেংকে ইতিমধ্যে NEFT ৰ সুবিধা ২৪ ঘণ্টাই সক্ৰিয় ৰখাৰ ব্যৱস্থা কৰিছে যদিও RTGS ৰ তুলনাত NEFT কৰি টকা পঠিয়ালে সেই ধন যাক উদ্দেশ্যি পঠোৱা হৈছে তেওঁ লাভ কৰাৰ ক্ষেত্ৰত কিছু সময় লয়।
কিন্তু RTGS ৰ ক্ষেত্ৰত সেই অসুবিধা নাথাকে। RTGS ত ৰিয়েল টাইম পেমেণ্ট সম্ভৱ হৈ উঠে। সেয়ে RTGS ৰ মাধ্যমেৰে ধনৰ লেন-দেন কৰিবলৈ বহুতে ভালপায়।
RTGS ৰ ট্ৰেন্সফাৰৰ সময় ইতিমধ্যে ডেৰ ঘণ্টা বঢ়াই দিয়া হৈছে।বিগত বৰ্ষত RTGS ৰ ট্ৰেন্সফাৰৰ সময় বিয়লি ৪.৩০ বজাৰ পৰা ৬.০০ বজালৈ আছিল। এতিয়া সেই সময় পুৱা ৮ বজাৰ পৰা কাষ্টমাৰ ট্ৰেনজেকছন আৰম্ভ হৈ ১৮.০০ বজাত অন্ত পৰিব,ইণ্টাৰ-বেংক ট্ৰেনজেকছন ১৯.৪৫ পৰ্যন্ত চলিব। পৰিসেৱা অন্ত পৰিব ২০.০০ বজাত।
সময় অনুসৰি RTGS ৰ চাৰ্জো বেলেগ বেলেগ হব। পুৱা ৮-১১ বজালৈ কোনো চাৰ্জ নালাগে, ১১-২ বজালৈ ২ টকা চাৰ্জ,১ বজাৰ পৰা ৬ হজালৈ ৫ টকা চাৰ্জ,৬ বজাৰ পিছত ১০ টকা চাৰ্জ আদায় দিব লাগিব।