নিৰ্মীয়মাণ প্ৰকল্পৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ বাবেই মৰিয়াই মৰিয়াই হত্যা আৰ.টি.আই কৰ্মীক

RTI activist beaten to death

দুৰ্নীতিৰ বিৰুদ্ধে মাত দিয়াৰ বাবেই নৃশংস হত্যাৰ বলি হৈছে এগৰাকী যুৱক। আৰ.টি.আই কৰ্মী হিচাপে পৰিচিত এই ৩২ বছৰীয়া যুৱকগৰাকীক নিৰ্মীয়মাণ এক ৰাজহুৱা প্ৰকল্পৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ বাবেই মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰিছে একাংশ লোকে। এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আলিগড়ত।

আলিগড়ৰ ইগলাছ আৰক্ষী থানাৰ অন্তৰ্গত গোৰাই গাঁৱৰ বাসিন্দা দেৱজিত সিং নামৰ আৰ.টি.আই কৰ্মীগৰাকীক গাঁওখনৰ গাঁওবুঢ়া দেৱেন্দ্ৰ সিঙৰ দুৰ্নীতি উদঙাই দিবলৈ চেষ্টা কৰাৰ বাবে গাঁওবুঢ়া আৰু তেওঁৰ পুত্ৰকে ধৰি ৮ গৰাকী লোকে প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই নৃশংস আক্ৰমণত দেৱজিত সিঙৰ ভাতৃও গুৰুতৰভাৱে আহত হৈছে। দুয়ো ভাতৃয়ে নিজৰ ফাৰ্মত কৰ্মব্যস্ত হৈ থকাৰ সময়তে আক্ৰমণকাৰী লোকসকলে হত্যা কৰা বুলি পৰিয়ালৰ লোকে আৰক্ষীৰ আগত অভিযোগ কৰিছে।

জিলাখনৰ উপ-আৰক্ষী অধীক্ষক ৰাঘবেন্দ্ৰ সিঙে সদৰী কৰা মতে অভিযুক্ত গাঁওবুঢ়া আৰু তেওঁৰ পুত্ৰ কাৰ্তিকসহ আন ছয় অভিযুক্তৰ বিৰুদ্ধে আইপিচিৰ ৩০২, ১৪৭, ৫০৬ ধাৰাসহ অন্যান্য প্ৰাসঙ্গিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

অভিযুক্ত আটাইকেইগৰাকী লোক বৰ্তমান পলাতক হৈ আছে আৰু তেওঁলোকক গ্ৰেপ্তাৰৰ প্ৰচেষ্টা চলাই থকা হৈছে বুলি উপ-আৰক্ষী অধীক্ষক ৰাঘবেন্দ্ৰ সিঙে লগতে কয়।

ইফালে মৃত দেৱজিতৰ পিতৃ মহেন্দ্ৰ সিঙে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে দেৱজিতে দুমাহ পূৰ্বে গাঁওবুঢ়াই কৰা উন্নয়নমূলক কামৰ মানদণ্ডৰ তথ্য বিচাৰি আৰ.টি.আই দাখিল কৰিছিল। লগতে তেওঁ স্থানীয় প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰতো একাধিক অভিযোগ দাখিল কৰিছিল।

ইয়াৰ পিছৰ পৰাই দেৱজিতে নিৰন্তৰ মৃত্যুৰ ভাবুকি পাই আহিছিল বুলি তেওঁৰ পিতৃয়ে লগতে কয়। ইফালে বিগত মাহত এনে ভাবুকিৰ পৰিপ্ৰেক্ষিতত দেৱেন্দ্ৰ সিঙৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ আৰক্ষীৰ কাষ চাপিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলিও অভিযোগ কৰিছে।

এতিয়া গাফিলতিৰ বাবেই মহেন্দ্ৰ সিঙে নিজ পুত্ৰক হেৰুৱাবলগীয়া হ’ল বুলি ক্ষোভ উজাৰে। ইফালে হত্যাৰ বলি হোৱা যুৱকজনৰ ককাক ৰামবীৰ সিঙে সদৰী কৰা অনুসৰি গাঁওবুঢ়া আৰু তেওঁৰ আত্মীয়ই লাঠি আৰু চোকা অস্ত্ৰৰে দেৱজিতক নিৰ্মমভাৱে আক্ৰমণ কৰিছিল।

আক্ৰমণৰ খবৰ পোৱাৰ পিছতে পৰিয়ালৰ লোকসকল তাৎক্ষণিভাৱে ঘটনাস্থলীত উপস্থিত হয় যদিও মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ ফলত দেৱজিতৰ মৃত্যু হৈছিল বুলি ককাক ৰামবীৰ সিঙে কয়। ইফালে দেৱজিতৰ কনিষ্ঠ ভাতৃ সুৰেন্দ্ৰৰ অৱস্থা সংকটজনক আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি তেওঁ লগতে উল্লেখ কৰে।

হত্যাকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকসন্তপ্ত পৰিয়ালটোৰ লগতে গাঁৱৰ শতাধিক লোকে সোমবাৰে দেৱজিতৰ মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰি দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। পিছত আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে প্ৰতিবাদকাৰীসকলক দোষীৰ বিৰুদ্ধে কম সময়ৰ ভিতৰত ব্যৱস্থা লোৱাৰ আশ্বাস দিয়াৰ পিছত মৃতদেহটো দাহ কৰা হয়।

গাঁৱৰ ৰাইজৰ মতে, হত্যাৰ বলি হোৱা দেৱজিতে কৃষি কৰ্মত পিতৃক সহায় কৰাৰ উপৰিও গাঁওখনত এটা কম্পিউটাৰ চেণ্টাৰ চলাইছিল। মৃত্যুৰ সময়ত তেওঁ ২৮ বছৰীয়া পত্নী আৰু দুই সন্তানক এৰি থৈ যায়।