অচ্ছে দিন, বিকশিত ভাৰত, আৰু যে কি কি শব্দচয়ন! ‘বিজেপিৰ অভিধান’ৰ চমৎকাৰী শব্দবোৰ শেহতীয়াকৈ ম্লান হৈ পৰিছে। মাত্ৰ হেৰাই যোৱা নাই বছৰি ২ কোটি চাকৰিৰ প্ৰতিশ্ৰুতি। খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিজৰ প্ৰতিশ্ৰুতি। ‘নতুন ভাৰত’ৰ বাবে।
চৰকাৰত বিজেপি আছে। লগতে আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও। কিন্তু বছৰি দুই কোটিৰ সেই প্ৰতিশ্ৰুতি বাৰে বাৰে ‘জুমলা’ হৈ ঘূৰি আহিছে। কাৰণ, চাকৰিৰ বিষয়টো সাধাৰণ মানুহৰ অস্তিত্বৰ লগত জড়িত হৈ আছে।
জেন জিৰ প্ৰতিবাদৰ পৰিৱেশত পুনৰ এই প্ৰশ্নটো ঘূৰি আহিছে। কাৰণ, শেহতীয়া এক পৰিসংখ্যাই দেখুৱাইছে যে যোৱা দশকত (২০১৫-২০২৪) কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ খালী পদৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে।
মধ্যপ্ৰদেশৰ সমাজকৰ্মী চন্দ্ৰশেখৰ গৌৰে তথ্য জনাৰ অধিকাৰ আইন (আৰ টি আই)ৰ অধীনত এই সন্দৰ্ভত তথ্য বিচাৰিছিল। তেওঁৰ উত্তৰত খালী পদৰ পৰিসংখ্যা পোহৰলৈ আহিছে। কোৱা হৈছে যে এই সময়ছোৱাত মুঠ অনুমোদিত পদৰ ক্ষেত্ৰত খালী পদৰ হাৰ ১১.৫ শতাংশৰ পৰা ২১ শতাংশলৈ বৃদ্ধি পাইছে।
২০১৫ চনত কেন্দ্ৰীয় চৰকাৰৰ খালী পদৰ সংখ্যা আছিল ৪ লাখ ২১ হাজাৰ। ২০২৪ চনত ৮ লাখ ২৪ হাজাৰ হৈছেগৈ। আমোদজনকভাৱে ঠিকাভিত্তিক কৰ্মচাৰীৰ সংখ্যা প্ৰায় ৩০ শতাংশ বৃদ্ধি পাইছে। ২০১৫ চনত ঠিকাভিত্তিক কৰ্মচাৰীৰ সংখ্যা আছিল ১৮.৬ শতাংশ। ২০২৫ চনত ৪৯.১ শতাংশলৈ বৃদ্ধি পাইছে।
সহজ ভাষাত ক’বলৈ গ’লে বৰ্তমান প্ৰতি দুজন কৰ্মচাৰীৰ ভিতৰত এজন ঠিকাভিত্তিক। স্থায়ী পদ খালী। তেন্তে চুক্তি ভিত্তিত কিয় নিযুক্তি দিয়া হৈছে? যদি চৰকাৰে ঠিকাভিত্তিক কৰ্মচাৰী নিয়োগ কৰে তেন্তে তেওঁলোকৰ প্ৰতি কোনো দায়িত্ব নাথাকে। কাৰণ কি সেইটোৱেই? কমল নাথ, জিতেন্দ্ৰ পাটোৱাৰীৰ দৰে কংগ্ৰেছ নেতাই এনে কেইবাটাও প্ৰশ্ন উত্থাপন কৰি সৰৱ হৈছে।
তথ্য অনুসৰি ২০১৫ চনত ৰে’ল বা স্বাস্থ্য খণ্ডৰ কোনো এটাতে কোনো পদ খালী নাছিল। ২০২৪ চনত ইয়াৰ সংখ্যা ক্ৰমে ২ লাখ ৪০ হাজাৰ ১২৫ আৰু ১ হাজাৰ ৫৮২ লৈ বৃদ্ধি পাইছে। বিৰোধীৰ প্ৰশ্ন, তেতিয়া আমি ধৰি ল’ব লাগিব যে বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰা নাই! তদুপৰি ঠিকাভিত্তিক নিযুক্তি বৃদ্ধি পাইছে।
পাব্লিক এন্টাৰপ্ৰাইজেছ সমীক্ষা অনুসৰি ২০১৫ চনত দেশত মুঠ ১৫,৮৭,১৪৯ জন কৰ্মচাৰীৰ ভিতৰত ২,৯৫,৯৭৫ জন ঠিকাভিত্তিক কমৰ্চাৰী আছিল। দহ বছৰত ছবিখনৰ আমূল পৰিৱৰ্তন হৈছে। এই ক্ষেত্ৰত ১৫,৪২,৩৩৯ জন কৰ্মচাৰীৰ ভিতৰত ৭,৫৮,৬১১ জন ঠিকাভিত্তিক কৰ্মচাৰী। অৰ্থাৎ প্ৰায় আধা।
কংগ্ৰেছকে ধৰি বিৰোধীয়ে কৈছে যে এইবাৰ চৰকাৰে অন্ততঃ আজেবাজে কথা কোৱা বন্ধ কৰি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক। কেৱল ৰিল বনাই নৈতিকতাৰ পাঠ দিলে অন্ন সংস্থান নহ’ব। কিন্তু সাধাৰণ মানুহে কাম নাপালে শাসনৰ পৰা উফৰাই পেলাবলৈ বেছি সময় নালাগিব।





