• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2023 9:30 pm
Mahua Moitra
161
VIEWS
Share on FacebookShare on Twitter

চলিত বাজেট অধিৱেশনত আদানী গোটৰ জালিয়াতিক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে সংসদ। আজিও সংসদত চৰ্চাৰ শীৰ্ষত থাকে আদানী বিতৰ্ক। আদানীৰ বিষয়ত আলোচনাৰ বাবে সংসদত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে বিৰোধীয়ে। অৱশ্যে বিৰোধীৰ দাবীক এইপৰ্যন্ত কাণসাৰ কৰা নাই চৰকাৰে।

আদানী বিতৰ্কৰ মাজতে আজি সদনৰ মজিয়াত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ এক বক্তব্যক লৈ আন এক বিতৰ্কৰ সূত্ৰপাত হয়। নিজ ভাষণত মৈত্ৰই ‘আপত্তিজনক’ শব্দ ব্যৱহাৰ কৰা বুলি অভিযোগ উঠাৰ পিছতে লোকসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ সকলে মহুৱা মৈত্ৰৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি মৈত্ৰক ক্ষমা খুজিবলৈ দাবী জনায়। লোকসভাত টিডিপি নেতা কে ৰাম মোহন নাইডুৱে দিয়া ভাষণৰ মাজতে মহুৱা মৈত্ৰই বক্তব্য ৰখাৰ সময়ত এই আপত্তিজনক শব্দ ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছে।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অনুপস্থিতিত ভৰত্ৰুহৰী মাহতাবে মহুৱা মৈত্ৰৰ এই মন্তব্য সন্দৰ্ভত বক্তব্য ৰাখি এই মন্তব্য ৰেকৰ্ডত নাথাকিব বুলি উল্লেখ কৰে। “কিছুমান অতি কঠোৰ আৰু আপত্তিজনক শব্দ ব্যৱহাৰ কৰা হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰীক মই তৃণমূল কংগ্ৰেছৰ সৈতে কথা পাতিবলৈ ক’ম।”- মাহতাবে কয়।

ইফালে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰলহাদ যোশীয়ে লোকসভাত তৃণমূল দলৰ নেতাৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিব বুলি মন্তব্য কৰে। যোশীয়ে কয় যে তেওঁ মৈত্ৰৰ এনে আচৰণৰ বাবে তৃণমূলক ক্ষমা খুজিবলৈ ক’ব। কিন্তু যদি মৈত্ৰই ইয়াৰ পাছতো ক্ষমা নোখোজে, তেতিয়াহ’লে সেয়াই তেওঁলোকৰ সংস্কৃতি বুলি নিশ্চিত হ’ব।

উল্লেখ্য যে আজি সংসদত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে মহুৱা মৈত্ৰয়ো আদানি গ্ৰুপৰ বিষয়ক লৈ কেন্দ্ৰক তীব্ৰ সমালোচনা কৰে আৰু লগতে মাৰ্কেট নিয়ন্ত্ৰক ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া (ছেবি) এই সন্দৰ্ভত কিয় “ছাইলেণ্ট অপাৰেটৰ” হৈ আহিছে বুলি প্ৰশ্ন উত্থাপন কৰে।

শেহতীয়াকৈ আদানী গ্ৰুপৰ এফ পি অ’ত তদন্তৰ প্ৰতিবেদন সম্পূৰ্ণ নকৰাকৈ কিয় অনুমোদন দিয়া হ’ল সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে মৈত্ৰই। সাংসদগৰাকীয়ে লগতে আদানী গ্ৰুপত জালিয়াতি সংঘটিত হোৱা বুলি উঠা অভিযোগৰ সম্পূর্ণ তদন্তৰ দাবী জনায়।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd