শীত তাপ নিয়ন্ত্ৰিত কোঠাত শিক্ষাগ্ৰহণ কৰাৰ সুবিধা পালে ৰাজ্যৰ প্ৰথমখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে

ৰূদ্ৰসাগৰ প্ৰাথমিক বিদ্যালয়ত নবীকৰণ কৰা তথা বাতানুকূল যন্ত্ৰ সংস্থাপন কৰা হৈছে। ফটোঃ নৰ্থইষ্ট নাও।

এইবাৰ শীত তাপ নিয়ন্ত্ৰিত কোঠাত শিক্ষাগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। এই বিদ্যালয়খনৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাত সংলগ্ন কৰা হৈছে বাতানুকূল যন্ত্ৰ।

উৎকট গৰমত এতিয়া চটফটাই থাকিব নালাগিব এইখন বিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে। বিদ্যালয়খন হ’ল শিৱসাগৰ নগৰৰ সমীপৰ ৰূদ্ৰসাগৰ প্ৰাথমিক বিদ্যালয়।

শিৱসাগৰস্থfl তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ আৰ্থিক অনুদানেৰে বিদ্যালয়খন নবীকৰণ কৰা হৈছে। নতুনকৈ ৰং কৰোৱাৰ লগতে, নতুন দৰজা, খিৰিকী, নতুন টিন পাত লগোৱাৰ উপৰি প্ৰত্যেকটো শ্ৰেণীকোঠাত সংলগ্ন কৰা হৈছে এচি।

এই সমগ্ৰ নবীকৰণত অ’ এন জি চিয়ে ব্যয় কৰিছে ১২ লাখ টকা। অ’ এন জি চিৰ Annual Component Plan 2023-24 আঁচনিৰ অধীনত এই প্ৰাথমিক বিদ্যালয়খন নবীকৰণ কৰা হৈছে।

শনিবাৰে এই বিদ্যালয়খনৰ নবীকৰণ কৰা তথা বাতানুকূল যন্ত্ৰ সংস্থাপন কৰা শ্ৰেণীকোঠাসমূহ মুকলি কৰে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অসম সম্পদৰ ED-Asset Manager ৰাজেশ তিৱাৰীয়ে।

 বিদ্যালয়খন পৰিদৰ্শন কৰি কাৰ্যবাহী সঞ্চালকগৰাকীয়ে তেল আৰু প্ৰাকৃতিক গেছ নিগমে শিক্ষাক্ষেত্ৰত এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সদায়ে আগ্ৰহী বুলি মত ব্যক্ত কৰাৰ লগতে বিদ্যালয়ক সুন্দৰ আন্তঃগাঁঠনিয়ে উন্নত মানৰ শৈক্ষিক পৰিৱেশ গঢ় দিব পাৰে বুলি মন্তব্য আগবঢ়ায়।

এই শুভ মুকলি অনুষ্ঠানৰ আঁত ধৰে নিগমৰ সৰ্বভাৰতীয় অনূসূচীত জাতি-জনজাতি কৰ্মচাৰী কল্যাণ সন্থাৰ অসম শাখাৰ সম্পাদক জগত হাজৰিকাই। অনুষ্ঠানত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়াৰ লগতে নিগমৰ সৰ্বভাৰতীয় অনূসূচীত জাতি-জনজাতি কৰ্মচাৰী কল্যাণ সন্থাৰ অসম শাখাৰ সভাপতি ডেম্বীৰাম পাংগীং, শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ প্ৰফুল্ল কলিতাকে ধৰি বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।