দক্ষিণ আফ্ৰিকাৰ সাধাৰণ নিৰ্বাচন; ৫০ শতাংশ সমষ্টিৰ ভোট গণনাৰ পিছত আগবাঢ়ি আছে এএনচি

ফটোঃ সংগ্ৰহীত।

দক্ষিণ আফ্ৰিকাৰ সাধাৰণ নিৰ্বাচনৰ ৫০ শতাংশ ভোট গণনা সম্পূৰ্ণ হৈছে। এতিয়ালৈকে পোৱা ফলাফল অনুসৰি শাসকীয় আফ্ৰিকান নেচনেল কংগ্ৰেছে (এএনচি) ৪২.৮৫ শতাংশ ভোট লাভ কৰি আগবাঢ়ি আছে। শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ নিৰ্বাচন আয়োগে এই তথ্য প্ৰকাশ কৰে।

৫০ শতাংশ সমষ্টিৰ ভোট গণনাত ২৩.৩২ শতাংশ ভোট লাভ কৰি দ্বিতীয় স্থানত আছে ডেম’ক্ৰেটিক এলায়েন্স দল। আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাৰ সমৰ্থিত উমখুণ্টো উই ছিজ (এম কে) দলটোৱে ১০.৩৫ শতাংশ ভোট লাভ কৰি তৃতীয় স্থানত আছে। ৫০ শতাংশ ভোট গণনাৰ অন্তত কট্টৰ বাওঁপন্থী দল ইকনমিক ফ্ৰিডম ফাইটাৰছে (ই এফ এফ) ৯.৫৬ শতাংশ ভোট লাভ কৰে।

লগতে পঢ়কঃ আদালতত দোষী সাব্যস্ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প; ১১ জুলাইত ঘোষণা হ’ব শাস্তি

দক্ষিণ আফ্ৰিকাত বৰ্ণবৈষম্যৰ অন্ত পৰাৰ পিছত ১৯৯৪ চনৰ অংশগ্ৰহণমূলক নিৰ্বাচনত বৰ্ণবৈষম্য বিৰোধী নেতা নেলছন মেণ্ডেলাৰ নেতৃত্বত এএনচিয়ে জয়লাভ কৰে। ইয়াৰ পিছত পাঁচ বছৰৰ মূৰে মূৰে নিৰ্বাচন অনুষ্ঠিত হয়। ৩০ বছৰ ধৰি ক্ষমতাত আছে এ এন চি। কিন্তু ক্ষমতা অক্ষুণ্ণ ৰখাৰ পিছতো এ এন চিৰ ভোট হ্ৰাস পাই আহিছে। যোৱা ২০১৯ চনৰ নিৰ্বাচনত এএনচিয়ে ৫৭ শতাংশতকৈ অলপ বেছি ভোট লাভ কৰিছিল।

বাতৰি অনুসৰি, এ এন চিয়ে নির্বাচনত ৫০ শতাংশ ভোট বা ২০১খন আসন নাপালে মিত্রজোঁটৰ চৰকাৰ গঠনৰ পথত আগবাঢ়িব লাগিব৷ এই ক্ষেত্ৰত ইকনমিক ফ্ৰিডম ফাইটাৰছৰ জুলিয়াছ মালেমাই ‘কিং মেকাৰ’ৰ ভূমিকা পালন কৰিব পাৰে। তেওঁ এ এন চি এৰি নতুন দল গঠন কৰিছিল। ইয়াৰ বাহিৰেও জেকব জুমাৰ এম কে দলৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ সম্ভাৱনা আছে।

লগতে পঢ়কঃ দেশলৈ উভতিল যৌন কেলেংকাৰীত অভিযুক্ত প্ৰজ্বল ৰেভান্না; বিমানবন্দৰতে গ্ৰেপ্তাৰ

অৱশ্যে দুয়োটা দলৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাটো এএনচিৰ বাবে কঠিন হ’ব। মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ চৰ্ত হিচাপে উপ-ৰাষ্ট্ৰপতি আৰু বিত্তমন্ত্ৰী পদৰ দাবী জনাইছে ইকনমিক ফ্ৰিডম ফাইটাৰছৰ দলে। আনহাতে, এম কে দলে ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাই পদত্যাগ কৰিব লাগে আৰু ৰাষ্ট্ৰপতিৰ ক্ষমাদানৰ জৰিয়তে জেকব জুমাৰ বিৰুদ্ধে থকা সকলো দুৰ্নীতিৰ গোচৰ প্ৰত্যাহাৰ কৰিব লাগে বুলি চৰ্ত বান্ধি দিছে।