• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদালতত দোষী সাব্যস্ত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প; ১১ জুলাইত ঘোষণা হ’ব শাস্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2024 10:24 am
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ফাইল ফটোঃ সংগ্ৰহীত।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ফাইল ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্যৱসায়িক নথি-পত্ৰত তথ্য লুকুৱাই ৰখাৰ গোচৰত দোষী সাব্যস্ত হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। স্থানীয় সময় অনুসৰি বৃহস্পতিবাৰে নিউয়ৰ্কৰ আদালতে ৰায় দিয়ে। সেই গোচৰত উত্থাপিত ৩৪টা অভিযোগৰ আটাইকেইটাতে ৰিপাব্লিকান পাৰ্টিৰ নেতাগৰাকীক দোষী সাব্যস্ত কৰা হৈছে।

আদালতৰ এই ৰায়দানৰ জৰিয়তে প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো প্ৰাক্তন ৰাষ্ট্ৰপতিক অপৰাধমূলক গোচৰত দোষী সাব্যস্ত কৰা হৈছে। এই গোচৰত ট্ৰাম্পৰ শাস্তি অহা ১১ জুলাইত ঘোষণা কৰা হ’ব।

প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক কাৰাদণ্ড দিয়া হ’ব পাৰে। অৱশ্যে আইনী বিশেষজ্ঞসকলে কয় যে, তেওঁক জৰিমনা বিহাৰ সম্ভাৱনাই বেছি।

Apply Now

বৃহস্পতিবাৰে ৰায় ঘোষণা কৰাৰ পিছত আদালতৰ কক্ষৰ পৰা ওলাই অহাৰ পিছত সাংবাদিকৰ আগত ট্ৰাম্পে কয় যে এয়া তেওঁৰ বাবে অপমানজনক। তেওঁ ন্যায় নাপালে। আদালতৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তেওঁ অন্তিম মুহূৰ্তলৈকে যুঁজিব।

লগতে পঢ়কঃ দেশলৈ উভতিল যৌন কেলেংকাৰীত অভিযুক্ত প্ৰজ্বল ৰেভান্না; বিমানবন্দৰতে গ্ৰেপ্তাৰ

ট্ৰাম্পৰ এই বক্তব্যৰ পৰা বুজা গৈছে যে তেওঁ এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিব। কিন্তু ট্ৰাম্পৰ বিৰুদ্ধে এইটোৱেই একমাত্ৰ গোচৰ নহয়। ২০২০ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল সলনি কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত বৰ্তমান তেওঁৰ বিৰুদ্ধে গোচৰ চলি আছে। ইয়াৰ বাহিৰেও ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ হোৱাৰ পিছত হোৱাইট হাউছৰ পৰা চৰকাৰী গোপন নথি-পত্ৰ লগত লৈ যোৱাৰ অভিযোগত আন এটা গোচৰো চলি আছে।

৭৭ বছৰীয়া ট্ৰাম্পৰ বিৰুদ্ধে দাখিল কৰা গোচৰটোত অভিযোগ কৰা হৈছে যে ২০০৬ চনত ষ্টৰ্মি ডেনিয়েলছৰ সৈতে তেওঁৰ যৌন সম্পৰ্ক আছিল। পিছলৈ ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্পে ষ্টৰ্মীক ১ লাখ ৩০ হাজাৰ ডলাৰ উৎকোচ দিছিল যাতে তেওঁ এই বিষয়ে মুখ নোখোলে। এই ধন তেওঁক দিছিল ট্ৰাম্পৰ অধিবক্তা মাইকেল কোহেনে। কিন্তু এই লেনদেনৰ সবিশেষ ব্যৱসায়িক নথি-পত্ৰত লুকুৱাই ৰখা হৈছিল। অৱশ্যে এই অভিযোগ ট্ৰাম্পে সদায় অস্বীকাৰ কৰি আহিছে।

নিউয়ৰ্কৰ মানহাটানত পাঁচ সপ্তাহজোৰা দীঘলীয়া শুনানিৰ অন্তত বৃহস্পতিবাৰে ১২ জনীয়া বিচাৰপীঠে এই ৰায় ঘোষণা কৰে। ইয়াৰ পূৰ্বে তেওঁলোকে ১১ ঘণ্টা ৰায়দানৰ বিষয়ে আলোচনা কৰে। যি সময়ত কেইমাহমানৰ পাছত আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে, সেই সময়তে এই ৰায় ঘোষণা কৰা হৈছে। ট্ৰাম্পে এই নিৰ্বাচনত অংশগ্ৰহণ কৰি পুনৰ ৰাষ্ট্ৰপতি পদ দখল কৰিব বিচাৰে। অৱশ্যে ৰায়দানৰ বাবে তেওঁৰ নিৰ্বাচনী প্ৰচাৰত কোনো বাধা নাথাকিব।

লগতে পঢ়কঃ বিহাৰত ভয়াৱহ গৰমত দুঘণ্টাতে ১৬ জন লোকৰ মৃত্যু! হাস্পাতালত কৰুণ পৰিস্থিতি

ইপিনে, তেওঁৰ অধিবক্তাই আদালতত অভিযোগ উত্থাপন কৰে যে এই গোচৰৰ জৰিয়তে ট্ৰাম্পৰ বিৰুদ্ধে আগন্তুক নিৰ্বাচনত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰা হৈছে। তেওঁ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে কোনো ভুল কৰা নাই বুলিও কয়। ট্ৰাম্পে অহৰহ একেখিনি কথাই কৈ আহিছে। আদালতৰ বাহিৰত তেওঁ কেইবাবাৰো সাংবাদিকৰ আগত কয় যে তেওঁ আচলতে ৰাজনৈতিক প্ৰতিশোধৰ বলি হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd