ল’কডাউনত হতাশগ্ৰস্ত সকলৰ কাৰণে গীত প্ৰস্তুত কৰাৰ বাবে ৰাজ্য চৰকাৰ আৰু শিল্পী সমাজলৈ ৰূপজ্যোতি কুৰ্মীৰ আহ্বান

Rupjyoti Kurmi

ৰূপজ্যোতি কুৰ্মী

ক’ৰ’না সংক্ৰমণ ৰোধৰ বাবে দেশৰ লগতে ৰাজ্যৰ চৌদিশে ল’কডাউন । এই লকডাউনৰ সময়ত ৰাজ্য চৰকাৰ তথা শিল্পী সমাজক এটি গীত প্ৰস্তুত কৰাৰৰ আহ্বান জনাইছে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

নৰ্থ-ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’ বাৰ্তাত ল’কডাউনৰ সময়ত হতাশগ্ৰস্ত সকলৰ বাবে এটি গীত প্ৰস্তুত কৰাৰৰ আহ্বান জনাই বিধায়ক গৰাকীয়ে।

‘‘ল’কডাউন চলি আছে, এই সময়ত আমি কিদৰে সময় পাৰ কৰিম।বিভিন্ন জনে বিভিন্ন কামত নিয়োজিত হৈ আছিল কিন্তু ল’কডাউনৰ বাবে কাম কৰিব পৰা নাই, আমি কি কৰিম, কি হ’ব আমাৰ ভবিষ্যত, এনেবোৰ কথাক লৈ হতাশগ্ৰস্ত হৈ আছে আমাৰ বহু লোক,’’ কুৰ্মীয়ে কয়।

ল’কডাউনৰ সময়ত হতাশ গ্ৰস্ত লোকসকলক মানসিক সাহস দিয়াৰ উদ্দেশ্যে চত্তীশগড়,নাগালেণ্ড চৰকাৰে এটি বাৰ্তা পঠিয়াইছে গীতৰ মাধ্যমেৰে সেয়ে অসম চৰকাৰকো তেনেধৰণৰ পদক্ষেপ লোৱাৰ বাবে আহ্বান জনায় কুৰ্মীয়ে।

‘‘মই অনুৰোধ জনাম চৰকাৰক স্বনামধন্য শিল্পী সকলক লৈ এটি গীত প্ৰস্তুত কৰিবলৈ। এই গীতৰ মাধ্যমেৰে আমি বিভিন্ন কামত সময় পাৰ কৰিব পাৰো। মানসিকভাবে আমি যাতে সবল হৈ থাকো,’’ বিধায়ক গৰাকীয়ে লগতে কয়।

‘‘যদি অসম চৰকাৰে নোৱাৰে মই সন্মানীয় শিল্পী সমাজক, আপোনালোক আগবাঢ়ি আহক আৰু এটি গীত প্ৰস্তুত কৰি ল’কডাউনৰ সময়ত হতাশগ্ৰস্ত সকলক সাহস দিয়ক। যি গানে হৃদয়ত স্থান পাব,’’ শিল্পী সমাজৰ প্ৰতি ৰূপজ্যোতি কুৰ্মীৰ আহ্বান।