• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩৮ বছৰৰ মূৰত পুনৰ মুকলি হ’ল ৰূপসী বিমান বন্দৰ,২৪ গৰাকী যাত্ৰীৰে অৱতৰণ প্ৰথমখন বিমানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2021 5:37 pm
Rupsi-Airport-1-750x375
897
VIEWS
Share on FacebookShare on Twitter

সুদীৰ্ঘ ৩৮ বছৰৰ অন্তত পুনৰ মুকলি হ’ল নামনি অসমৰ ঐতিহ্যমণ্ডিত ৰূপসী বিমান বন্দৰ।আজি ২৪ গৰাকী যাত্ৰী কঢ়িয়াই গুৱাহাটীৰ পৰা উৰা মৰা এখন বিমানে সুদীৰ্ঘ দিনৰ অন্তত ৰূপসী বিমান বন্দৰত অৱতৰণ কৰে।

এতিয়াৰে পৰা ৮.৩৫ বজাত গুৱাহাটীৰ পৰা উৰা মৰা বিমানে পুৱা ৯.১০ মিনিটত ৰূপসী বিমান বন্দৰত অৱতৰণ কৰিব কৰে।

একেদৰে পুৱা ৯.৪০ বজাত ৰূপসী বিমান বন্দৰৰ পৰা উৰা মৰা বিমানেে দিনৰ ১১.১০ বজাত কলকাতাৰ বিমান বন্দৰত অৱতৰণ কৰিব।

কলকাতাৰ পৰা দিনৰ ১১.৪০ বজাত উৰা মৰা বিমানে ৰূপসীত আহি উপস্থিত হ’ব দিনৰ ১,২০ বজাত।একেদৰে বিয়লি ৩.০০ বজাত উৰা মৰা বিমানে গুৱাহাটীত উপস্থিত হ’ব বিয়লি ৩.৪০ বজাত।

ৰূপসী বিমান বন্দৰৰ পৰা সপ্তাহৰ প্ৰতি মঙলবাৰ, বৃহস্পতিবাৰ,শনিবাৰ আৰু দেওবাৰে বিমানৰ চলাচল হ’ব বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৯ চনৰ ২২ ফেব্ৰুৱাৰীত ধুবুৰীত ৰূপসী বিমান বন্দৰৰ পুনৰ নিৰ্মাণৰ বাবে দ্বিতীয় পৰ্য্যায়ৰ কামৰ  আধাৰশিলা স্থাপন কৰিছিল। দীৰ্ঘদিন ধৰি অৱহেলিত হৈ থকা ৰূপসী বিমান বন্দৰৰ উন্নয়নৰ বাবে চৰকাৰে বিশেষ পদক্ষেপ হাতত লৈছে।

সভাত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী সুৰেশ প্ৰভুৱে নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যাৱস্থাৰে ভাষণ প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে,  ব্ৰিটিছ শাসন কালত দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে স্থাপন হোৱা ৰূপসী বিমান বন্দৰটো ১৯৮৪ চনৰ পৰা বন্ধ হৈ আছে।

ৰাজ্য চৰকাৰে বহুবাৰ বিমান বন্দৰটো মুকলি কৰাৰ চেষ্টা কৰিছিল যদিও এইক্ষেত্ৰত ব্যৰ্থ হয়।

অৱশেষত চৰকাৰৰ স্থানীয় সংযোগ আঁচনিৰ অধীনত ভাৰতীয় বিমান প্ৰাধিকৰণ আৰু বায়ু সেনা বাহিনীৰ উদ্যোগত ৰূপসী বিমান বন্দৰৰ পুনৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল।

আনহাতে, বিমানবন্দৰটোৰ পুনৰ সক্ৰিয় হৈ উঠাত স্থানীয় লোকসকল যথেষ্ট উৎফুল্লিত হৈ  পৰিছে।

বিমানবন্দৰটো পুনৰ সক্ৰিয় উঠাৰ পিছত  ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ  বিমানেৰে যাত্ৰা কৰিবৰ বাবে গোৱালপাৰা,ধুবুৰী, কোকৰাঝাৰ আদি জিলাৰ লোক সকলে গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ অহাৰ পৰিবৰ্তে ৰূপসী বিমানবন্দৰৰ পৰাই যাত্ৰা কৰিব পাৰিব।

এয়াৰপ’ৰ্ট অথ’ৰিটী অৱ ইণ্ডিয়াৰ উচ্চপদস্থ বিষয়াৰ প্ৰতিনিধি দলৰ হাতত ৰূপসী বিমান বন্দৰ বাবে মুঠ ১ হাজাৰ ৭১ বিঘা মাটি হস্তান্তৰ কৰিছিল। ভূমি হস্তান্তৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত বি টি চি প্ৰশাসনীয় বিষয়াৰ সৈতে প্ৰতিনিধি দলটো উপস্থিত হয় বিমান বন্দৰত।

বিমান বন্দৰত উপস্থিত হৈ বন্দৰটোৰ বিভিন্ন জোখ মাপ কৰিছিল আৰু বন্দৰটোৰ কিছু মাটি পৰীক্ষণৰ বাবে লৈ গৈছিল।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd