• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ ওপৰত খং জাৰিলে পুটিনে! ইউক্ৰেইনত পুনৰ ৫০টা ক্ষেপণাস্ত্ৰৰে আক্ৰমণ ৰাছিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2026 10:31 am
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ যুদ্ধৰ জুই জ্বলি উঠিছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত। যোৱা কেইঘণ্টামানৰ ভিতৰত ৰাছিয়াৰ বাহিনীয়ে ইউক্ৰেইনৰ বিভিন্ন প্ৰান্তত ৫০টাতকৈও অধিক ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই সমগ্ৰ দেশখনতে আতংকৰ সৃষ্টি কৰিছে। ৰাছিয়াৰ এই আক্ৰমণত ৩জন লোকৰ মৃত্যু আৰু কমেও ১৬ জন লোক আহত হৈছে।

বিশেষকৈ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ গৃহ চহৰ ক্ৰীভি ৰিহত আৱাসিক অট্টালিকাত বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ আঘাতত কমেও ১০ জন লোক আহত হোৱাৰ লগতে পানী যোগান ব্যৱস্থাত ব্যাহত কৰে।

Apply Now

এতিয়াও এই আক্ৰমণ অব্যাহত আছে, আৰু অধিক আক্ৰমণৰ সম্ভাৱনা আছে। ইউক্ৰেইনৰ বায়ুসেনাই জনোৱা মতে, তীব্ৰ আক্ৰমণত ৰাছিয়াই ইস্কাণ্ডাৰ আৰু অন্যান্য বেলিষ্টিক মিছাইল ব্যৱহাৰ কৰিছিল। বুধবাৰৰ সন্ধিয়াৰ পৰাই এই ঘটনা আৰম্ভ হয়। ক্ৰীভি ৰিহত বিমান আক্ৰমণৰ সতৰ্কবাণী জাৰি কৰাৰ কিছু সময়ৰ পিছতে বেলিষ্টিক মিছাইলটোৱে আৱাসিক এলেকাত খুন্দা মাৰে।

স্থানীয় প্ৰশাসনৰ মুৰব্বী অলেকজেণ্ডাৰ ভিলকুলে জনোৱা মতে, দুটা ইস্কাণ্ডাৰ ক্ষেপণাস্ত্ৰই এটা এপাৰ্টমেণ্ট বিল্ডিঙত খুন্দা মৰাত ১০ জন লোক আহত হয়, ইয়াৰে এজন গুৰুতৰভাৱে আহত হয়। আনহাতে, মহানগৰীৰ পানী যোগানো ক্ষতিগ্ৰস্ত হোৱাৰ ফলত হাজাৰ হাজাৰ বাসিন্দা খোৱাপানীৰ অভাৱত পৰিছে।

জেলেনস্কিৰ শৈশৱৰ ঘৰ ক্ৰীভি ৰিহ বাৰে বাৰে ৰাছিয়াৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে আৰু এই আক্ৰমণ আটাইতকৈ বিধ্বংসী আক্ৰমণৰ ভিতৰত অন্যতম।

এই আক্ৰমণ কেৱল ক্ৰীভি ৰিহৰ মাজতে সীমাবদ্ধ নহয়। ইউক্ৰেইনৰ বায়ুসেনাই জনোৱা মতে, বিগত দুঘণ্টাত দেশৰ বিভিন্ন প্ৰান্তত ৫০টাতকৈও অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে, ইয়াৰে বহুতো ক্ষেপণাস্ত্ৰ শক্তিৰ আন্তঃগাঁথনি আৰু সামৰিক স্থানক লক্ষ্য কৰি নিক্ষেপ কৰা হৈছে।

খাৰকিভ, ড্নিপ্ৰ’, জাপ’ৰিজিয়া আদি চহৰত বিস্ফোৰণৰ বাতৰি পোৱা গৈছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই আক্ৰমণ ইউক্ৰেইনৰ সামৰিক লক্ষ্য আৰু শক্তিৰ কেন্দ্ৰৰ বিৰুদ্ধে কৰা বুলি দাবী কৰিছে যদিও ইউক্ৰেইনৰ পক্ষই কয় যে ইয়াক ইচ্ছাকৃতভাৱে অসামৰিক অঞ্চলক লক্ষ্য কৰি লোৱা হৈছে।

ৰাষ্ট্ৰপতি জেলেনস্কিয়ে এই আক্ৰমণক “সন্ত্রাসবাদ” বুলি অভিহিত কৰি আন্তঃৰাষ্ট্ৰীয় সমাজৰ পৰা অধিক সহায়ৰ বাবে আবেদন জনায়। শেহতীয়া উত্তেজনাৰ পটভূমিত এই তীব্ৰ আক্ৰমণ। যোৱা কেইটামান সপ্তাহত ৰাছিয়াই ইউক্ৰেইনৰ শক্তি গ্ৰীডত বাৰে বাৰে আক্ৰমণ চলাইছে, যাৰ ফলত শীতকালত লাখ লাখ লোক বিদ্যুৎ বিহীন হৈ পৰিছে।

জানুৱাৰী মাহৰ আৰম্ভণিৰ পৰাই খাৰকিভত একাধিক ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত অসামৰিক লোকৰ মৃত্যু হৈছে। ৫০ টাতকৈও অধিক ক্ষেপণাস্ত্ৰৰ এই ধুমুহাই যুদ্ধত এক নতুন মাত্ৰা যোগ কৰিলে। ইউক্ৰেইনৰ বায়ু প্ৰতিৰক্ষাই বহু ক্ষেপণাস্ত্ৰ ধ্বংস কৰিলেও কেইটামান ক্ষেপণাস্ত্ৰই আঘাত কৰিবলৈ সক্ষম হৈছে। ফলত চহৰবোৰত ধোঁৱা আৰু ধ্বংসাৱশেষৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ইপিনে, ৰাছিয়াৰ বিৰুদ্ধে আমেৰিকাই লোৱা পদক্ষেপসমূহৰ পিছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে আওপকীয়াকৈ ইউক্ৰেইনৰ ওপৰত আক্ৰমণ চলাই তাৰ প্ৰত্যুত্তৰ দিয়া বুলি ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd