Ukraine War: বৈঠকত ৰাছিয়াৰ মিছাইল আক্ৰমণ; ৫০ জনতকৈও অধিক ইউক্ৰেনীয় জেনেৰেল নিহত হোৱাৰ দাবী

ৰাছিয়াই এটা কমাণ্ডো পোষ্টত মিছাইল আক্ৰমণ চলাই ৫০ জনতকৈও অধিক ইউক্ৰেইনৰ জেনেৰেলক হত্যা কৰা বুলি দাবী কৰিছে। দেওবাৰে এই আক্ৰমণটো সংঘটিত হয়।

ৰাছিয়াই দাবী কৰে যে সেই সময়ত কেইবাজনো ইউক্ৰেইনৰ সামৰিক বিষয়া আৰু জেনেৰেল পৰ্যায়ৰ বিষয়া কমাণ্ডো পোষ্টত বৈঠকত মিলিত হৈছিল। ৰাছিয়াই দাবী কৰিছে যে তেওঁলোক সকলো মিছাইল আক্ৰমণত নিহত হৈছে।

লগতে পঢ়ক: অগ্নিপথ বিতৰ্ক: যন্তৰ মন্তৰত আজি সত্যাগ্ৰহ কংগ্ৰেছৰ, সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতিক

ৰাছিয়াই দেওবাৰে এক বিবৃতিত কয় যে কমেও ৫০ জন জেনেৰেল পৰ্যায়ৰ তথা আন বিষয়া নিহত হৈছে। অৱশ্যে এতিয়ালৈকে ইউক্ৰেনে এই বিষয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

ইপিনে, দেওবাৰে নিশা এটা দৈনিক ভিডিঅ’ বাৰ্তাত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কয় যে এক ঐতিহাসিক সপ্তাহৰ আৰম্ভ হ’বলৈ গৈছে। ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতনৰ পিছৰ পৰা ইউক্ৰেইনৰ লোকসকলে এনে সময় খুব কমহে প্ৰত্যক্ষ কৰিছে।

জেলেনস্কিয়ে কয় যে ইউক্ৰেইনৰ ইউৰোপীয় ইউনিয়নৰ সদস্যপদ এই সপ্তাহত চূড়ান্ত হ’ব পাৰে। তেওঁ কয় যে ব্ৰাছেলছে এই সপ্তাহত এটা সিদ্ধান্ত ল’ব পাৰে।

লগতে পঢ়ক: কোকৰাঝাৰৰ ঢোলমাৰাত জামে মছজিদৰ ক্ষতিসাধন দুস্কৃতিকাৰীৰ; চেপা উত্তেজনা

যোৱা সপ্তাহত জাৰ্মানী, ইটালী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপ্ৰধানসকলে ইউক্ৰেইন ভ্ৰমণ কৰিছিল। সংবাদমেলত তেওঁলোকে জেলেনস্কিক জনাইছিল যে ইউক্ৰেইনক ইউৰোপীয় ইউনিয়নৰ অংশ কৰাৰ প্ৰক্ৰিয়া শীঘ্ৰেই আৰম্ভ হ’ব। অৱশ্যে তেওঁলোকে কৈছিল যে ইয়াৰ বাবে দীঘলীয়া সময় লাগিব। কিন্তু দেওবাৰে জেলেনস্কিয়ে ঘোষণা কৰে যে ইউক্ৰেইন এই সপ্তাহতে ইউৰোপীয় ইউনিয়নৰ অংশ হ’ব পাৰে।