NORTHEAST NOW (Assamese)

প্ৰত্যুত্তৰ! এইবাৰ জাৰ্মানীৰ ৪০জন কূটনীতিকক বহিস্কাৰ কৰিলে ৰাছিয়াই

April 25, 2022 8:46 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ শেহতীয়া পৰিস্থিতিত কূটনৈতিক যুঁজখন আৰু অধিক শক্তিশালী হৈ পৰিছে। ৰাছিয়াৰ বিৰুদ্ধে ইউৰোপীয় দেশসমূহে গ্ৰহণ কৰা স্থিতিৰ প্ৰত্যুত্তৰ দিবলৈ পাহৰা নাই মস্কোৱে।

বাৰ্লিনে গ্ৰহণ কৰা ‘অবন্ধুসুলভ সিদ্ধান্ত’ৰ প্ৰত্যুত্তৰ দি এইবাৰ জাৰ্মানীৰ ৪০জন কূটনীতিকক ৰাছিয়াই বহিস্কাৰ কৰিছে।

সোমবাৰে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ ফালৰ পৰা এই কথা জানিবলৈ দিয়া হৈছে।  

লগতে পঢ়ক: দেশৰ উঠি অহা প্ৰজন্মক গণতান্ত্ৰিক প্ৰমূল্যবোধৰ শিক্ষা দিব নিবিচাৰে নেকি মোদী চৰকাৰে?

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে জাৰ্মানীৰ ৰাষ্ট্ৰদূতক তলব কৰি তেওঁৰ হাতত আন্তৰ্জাতিক কূটনৈতিক আচৰণ অনুসৰণ কৰি ৰাছিয়াৰ সিদ্ধান্তৰ বিষয়ে এখন পত্ৰ অৰ্পণ কৰা হয়।

ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জাৰ্মানীয়ে ৰাছিয়াৰ কূটনীতিকসকলক বহিস্কাৰ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰতে এইবাৰ ৰাছিয়াইও অনুৰূপ সিদ্ধান্ত  গ্ৰহণৰ বিষয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক: কোকৰাঝাৰ আদালতে জামিন দিয়াৰ পিছত পুনৰ আন এক গোচৰত আটক জিগনেশ মেৱানীক

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ৪ এপ্ৰিলত জাৰ্মানীয়ে ৰাছিয়াৰ ৪০জন কূটনীতিকক বহিস্কাৰ কৰিছিল। সেই ঘটনাক মস্কোই গ্ৰহণযোগ্য নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল।

Related News