DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, September 23, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰত্যুত্তৰ! ফৰাচী-ইটালী-স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিলে ৰাছিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2022 4:18 pm
ৰাছিয়াৰ কূটনীতি বিভাগৰ মুৰব্বী ছাৰ্গেই লাভৰভ।

ৰাছিয়াৰ কূটনীতি বিভাগৰ মুৰব্বী ছাৰ্গেই লাভৰভ।

161
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াই ফ্ৰান্স, ইটালী আৰু স্পেইনৰ ৮৫ গৰাকী কূটনীতিবিদক বহিষ্কাৰ কৰিছে।ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰাৰ পিছৰে পৰা ইউৰোপীয় দেশসমূহে ৰাছিয়াৰ কূটনীতিবিদসকলক কেইবাটাও পৰ্যায়ত বহিষ্কাৰ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত, ৰাছিয়াই পুনৰ প্ৰতিশোধমূলক পদক্ষেপ হিচাপে তিনিখন দেশৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে কূটনীতিবিদসকলক বহিষ্কাৰ কৰাৰ সন্দৰ্ভত এটা বিবৃতি জাৰি কৰিছে। ইয়াত কোৱা হৈছে যে ৩৪ গৰাকী ফৰাচী কূটনীতিবিদক বহিষ্কাৰ কৰা হৈছে। তেওঁলোকক ৰাছিয়া এৰিবলৈ দুসপ্তাহৰ সময় দিয়া হৈছে।

লগতে পঢ়ক: Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

ৰাছিয়াত থকা ফ্ৰান্সৰ ৰাষ্ট্ৰদূত পিয়েৰ লেভিক ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে মাতি আনি কয় যে ফ্ৰান্সৰ পৰা ৪১ গৰাকী ৰাছিয়াৰ কূটনীতিবিদক বহিষ্কাৰ কৰাটো “স্পষ্টভাৱে উচটনিমূলক আৰু অগ্ৰহণযোগ্য সিদ্ধান্ত”।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে পিছত কয় যে স্পেনিছ দূতাবাসৰ ২৭ গৰাকী  কৰ্মচাৰীকো অবাঞ্ছিত ঘোষণা কৰা হৈছে।

তেওঁলোকে পৰৱৰ্তী সাত দিনৰ ভিতৰত ৰাছিয়া এৰিব লাগিব। ৰাছিয়াত স্পেইনৰ ৰাষ্ট্ৰদূত মাৰ্কোছ গোমেজ মাৰ্টিনেজক সতৰ্ক কৰি দিয়া হৈছে যে মাদ্ৰিদৰ পৰা ৰাছিয়াৰ কূটনীতিবিদসকলক বহিষ্কাৰ কৰিলে ৰাছিয়া-স্পেইন সম্পৰ্কত বাধা আহিব পাৰে। ইয়াৰ বিপৰীতে, স্পেইনে ৰাছিয়াৰ সিদ্ধান্তক সমালোচনা কৰিছে।

লগতে পঢ়ক: জনপ্ৰতিনিধিৰ কাণ্ড: সাংবাদিকৰ পিঠিত উঠি গ’ল বান বিধ্বস্ত এলেকা চাবলৈ!

ইপিনে, ইটালীৰ ২৪ গৰাকী কূটনীতিবিদকো ৰাছিয়াৰ পৰা বহিষ্কাৰ কৰা হৈছে।

এই সন্দৰ্ভত ৰাছিয়াৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই যদিও ইটালীয়ে ইয়াৰ কূটনীতিবিদসকলক বহিষ্কাৰ কৰাটো নিশ্চিত কৰিছে।

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভায়েও ৰাছিয়াৰ সংবাদ মাধ্যমক বাতৰিটো নিশ্চিত কৰিছে। ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’ দ্ৰাঘিয়ে ৰাছিয়াৰ পদক্ষেপক “প্ৰতিকূল আচৰণ” বুলি বৰ্ণনা কৰিছে।

লগতে পঢ়ক: ফেচবুকত বিপ্লৱী কবিতা লিখি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ প্ৰতিভাৱান ছাত্ৰী

ইতিমধ্যে ৰাছিয়াৰ ৩০০ তকৈও অধিক কূটনীতিবিদক ইউৰোপীয় দেশৰ পৰা বহিষ্কাৰ কৰা হৈছে। বহুতো দেশে ৰাছিয়াৰ কূটনীতিবিদসকলৰ ওপৰত চোৰাংচোৱাৰ অভিযোগ উত্থাপন কৰিছে। মস্কোৱে অৱশ্যে এনে অভিযোগ অস্বীকাৰ কৰিছে। এইক্ষেত্ৰত ৰাছিয়াইও আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি আহিছে। ৰাছিয়াই ৪৫ গৰাকী পোলেণ্ডৰ কূটনীতিবিদ আৰু ৪০ গৰাকী জাৰ্মান কূটনীতিবিদকো স্বদেশলৈ ঘুৰাই পঠিয়াইছে। 

Recent News

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd