NORTHEAST NOW (Assamese)

ইউক্ৰেইনত প্ৰথমবাৰৰ বাবে হাইপাৰচনিক মিছাইল ব্যৱহাৰ কৰিলে ৰাছিয়াই

March 20, 2022 6:16 am · এন ই নাও নিউজ,গুৱাহাটী

ৰাছিয়াই ইউক্ৰেইনত প্ৰথমবাৰৰ বাবে অতি বিধ্বংসী কিঞ্জাল হাইপাৰচনিক মিছাইল ব্যৱহাৰ কৰিছে।

এই মিছাইল ব্যৱহাৰ কৰি ৰাছিয়াই ইউক্ৰেইনৰ পশ্চিম অংশত থকা এটা অস্ত্ৰ ভাণ্ডাৰ ধ্বংস কৰিছে। এই দাবী কৰিছে ৰাছিয়াই।ৰাছিয়াৰ ইণ্টাৰফেক্স সংবাদ সংস্থাই ৰাছিয়াৰ চৰকাৰৰ উদ্ধৃতি দি প্ৰকাশ কৰা মতে ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনলৈ সৈন্য প্ৰেৰণ কৰাৰ পিছত ৰাছিয়াই প্ৰথমবাৰৰ বাবে হাইপাৰচনিক কিঞ্জাল মিছাইল প্ৰয়োগ কৰিলে।

এই মিছাইলে ইউক্ৰেইনৰ ইভানো-ফ্ৰেঙ্কিভস্ক অঞ্চলৰ ডেলিয়াটিন গাঁৱত ভূগৰ্ভস্থ অস্ত্ৰ ভাণ্ডাৰ এটা ধ্বংস কৰে।

ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ ইগৰ কোনাশেনকভে শনিবাৰে এই কথা নিশ্চিত কৰিছে। ইভানো-ফ্ৰেঙ্কিভস্কৰ অঞ্চলটোত নাটো বাহিনীৰ সদস্যও থকা বুলি ধাৰণা কৰা হৈছে।

ৰাছিয়াৰ মিছাইল প্ৰতিৰোধী জাহাজৰ পৰা এই শক্তিশানী মিছাইলবিধ মাৰি পঠিওৱা হয়।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ কাৰ্যালয়ে ৰাছিয়াৰ এনে আক্ৰমণক অমানৱীয় আখ্যা দিছে।

ৰাছিয়া ইউক্ৰেইনৰ মাজত যুদ্ধ লগাৰ পিছতে ৰাছিয়াই কেইবা বিধো নতুন অস্ত্ৰ ইউক্ৰেইনৰ বিৰুদ্ধে প্ৰয়োগ কৰিছে। ইয়াৰ ভিতৰত অতি বিধ্বংসী কেতবোৰ বোমাও আছে।

ৰাছিয়াৰ সেনাই আপ্ৰাণ চেষ্টা চলোৱাৰ পিছতো ইউক্ৰেইনৰ ৰাজধানী কিয়েভ নিজৰ দখললৈ নিবলৈ সক্ষম হোৱা নাই।

এই যুদ্ধত কিমান হাজাৰ লোকৰ মৃত্যু ঘটিছে সেয়াও এতিয়াও সঠিককৈ ক’ব পৰা হোৱা নাই।

Related News