• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁৱৰ মাজগাঁৱত নিশা গুলিবিদ্ধ ড্ৰাগছ ব্যৱসায়ী,আহত আৰক্ষীৰ লোকো

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
March 20, 2022 6:30 am
168
VIEWS
Share on FacebookShare on Twitter

ড্ৰাগছৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে নিশা আৰক্ষীৰ গুলিত এজন ড্ৰাগছ ব্যৱসায়ী গুৰুতৰভাৱে আহত হয় ৷

আৰক্ষীৰ বাহনৰ পৰা জপিয়াই পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীজনৰ ভৰিলৈ লক্ষ্য কৰি গুলি চালনা কৰাত গুলিবিদ্ধ হয় ড্ৰাগছ ব্যৱসায়ীজন ৷

আৰক্ষীৰ গুলিত আহত ড্ৰাগছ ব্যৱসায়ীজন মহম্মদ হুছেইন (২০) বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ এই ঘটনাত আৰক্ষীৰ দুজন লোকো কিছু পৰিমাণে আহত হয় ৷ আহত দুজন নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুকেশ ঘোষ আৰু কনিষ্টবল হীৰেন দাস ৷

ঘটনা সন্দৰ্ভত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত মাজগাঁৱত শুকুৰবাৰে নিশা ৯-৩৫ বজাত এই গুলি চালনাৰ ঘটনাটো সংঘটিত হয় ৷

তেওঁ প্ৰকাশ কৰা মতে বঙাইগাঁৱৰ নিউবঙাইগাঁৱৰ ভাওলাগুৰিত (বদি বাজাৰ) ভাড়াঘৰত থাকি ধুবুৰীৰ মহম্মদ হুছেইনে(২০) ড্ৰাগছৰ বেহা চলাই আহিছিল ৷

পিচত আৰক্ষীয়ে ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত থকা মহম্মদ হুছেইনক ১৭ টা কন্টেইনাত ৰখা প্ৰায় ২২.০৯ গ্রাম ওজনৰ সন্দেহযুক্ত হেৰ’ইন আৰু এখন পালছাৰ বাইকসহ শুকুৰবাৰে গ্ৰেপ্তাৰ কৰি ( বঙাইগাঁও সদৰ থানাত পিএছ গোচৰ নং ১৫৫/২২, ধাৰা ২২(এ)/২৯ এনডিপিএছ আইন) সোধ -পোচ অব্যাহত ৰাখিছিল ৷ ড্ৰাগছ ব্যৱসায়ীজনে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে এজন লগৰীয়াই ধুবুৰীৰ পৰা ড্ৰাগছ লৈ যোগীঘোপাৰ ফালে আহিব ৷

অভিযুক্তৰ ভাষ্যৰ ভিত্তিত তদন্তকাৰী বিষয়া তথা নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুকেশ ঘোষৰ নেতৃত্বত এটি আৰক্ষীৰ দলে ড্ৰাগছ ব্যৱসায়ী মহম্মদ হুছেইনক লগত লৈ যোগীঘোপাৰ দিশে আনজন ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰাৰ বাবে যায় ৷ কিন্তু বহু সময় ধৰি অপেক্ষা কৰি থকাৰ পিচতো ড্ৰাগছ ব্যৱসায়ীজন আহি নোপোৱাত আৰক্ষীৰ দলটো বঙাইগাঁৱৰ দিশে উভতি আহিবলৈ লয় ৷

হোলী উপলক্ষে বাহনৰ চলাচল কম হোৱাৰ বাবে হয়তো ড্ৰাগছ ব্যৱসায়ীজন আহিব নোৱাৰিলে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷ ইপিনে শনিবাৰে ড্ৰাগছ ব্যৱসায়ীজনক আদালতত যিহেতু হাজিৰ কৰাব সেই বাবে আচামীজনৰ স্বাস্থ্য পৰীক্ষাটো একেবাৰে বাটতে পোৱা বঙাইগাঁও অসামৰিক চিকিৎসালয়ত কৰি যাব বুলি আৰক্ষীৰ দলটোৱে সিদ্ধান্ত লৈ বঙাইগাঁওলৈ উভতি আহি থকা অৱস্থাতে মাজগাঁৱৰ নিৰ্জন এলেকাত হঠাতে অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী মহম্মদ হুছেইনে কনিষ্টবল হীৰেন দাসক আক্ৰমণ কৰে আৰু আৰক্ষীৰ গাড়ীৰ পৰা জাপ মাৰি নামি পলায়নৰ চেষ্টা কৰে ৷

পিচত তদন্তকাৰী আৰক্ষী বিষয়া সুকেশ ঘোষেও ড্ৰাগছ ব্যৱসায়ীজনক পলোৱাত বাধা প্ৰদানৰ চেষ্টা চলায় যদিও আৰক্ষী বিষয়াজনক আক্ৰমণ কৰি পলায়ন কৰে ৷ এনে অৱস্থাত অভিযুক্ত ড্ৰাগছ ব্যৱসায়ীজনক পলায়নত বাধা দিবলৈ আৰক্ষী বিষয়াজনে প্ৰথমে এজাঁই শুন্যলৈ গুলি চালনা কৰে ৷ কিন্তু তৎস্বত্বেও অভিযুক্ত ড্ৰাগছ ব্যৱসায়ীজন থমকি নৰৈ ইতিমধ্যে পথ অতিক্ৰম কৰি আনফালে গৈছিল ৷

শেষত উপায়ন্তৰ হৈ আৰক্ষী বিষয়াগৰাকীয়ে অভিযুক্ত ড্ৰাগছ ব্যৱসায়ীজনক কৰায়ত্ত কৰিবলৈ সোঁ-ভৰিৰ আঁঠুৰ তলত লক্ষ্য কৰি এজাঁই গুলি চালনা কৰাত ড্ৰাগছ ব্যৱসায়ী মহম্মদ হুছেইন আহত হয় ৷ পিচত লগে লগে আহত মহম্মদ হুছেইনক নিকটৱৰ্তী মাজগাঁৱস্থিত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ লগতে এই ঘটনাত আহত আৰক্ষী বিষয়া সুকেশ ঘোষ আৰু কনিষ্টবল হীৰেন দাসকো চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd