NORTHEAST NOW (Assamese)

যুদ্ধৰ খবৰ! ভয়ংকৰ বেলিষ্টিক মিছাইল ‘ইয়াৰ্ছ’ৰ সৈতে অনুশীলন আৰম্ভ কৰিছে ৰাছিয়াই

March 30, 2023 7:39 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগ্ৰিহীত।

ৰাছিয়াই ইউক্ৰেইনৰ যুদ্ধৰ মাজতে আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল ‘ইয়াৰ্ছ’ আৰু হাজাৰ হাজাৰ সেনাক লৈ সামৰিক অনুশীলন আৰম্ভ কৰিছে। বেলিষ্টিক মিছাইল ইয়াৰ্ছৰ দূৰত্বভেদী পৰিসৰ হৈছে ৭হাজাৰ ৫০০ মাইল।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এক টেলিগ্ৰাম বাৰ্তাত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে এই অনুশীলনত ৩,০০০ তকৈও অধিক সামৰিক কৰ্মী আৰু প্ৰায় ৩০০ সামৰিক অস্ত্ৰ তথা সঁজুলি জড়িত আছিল।

লগতে পঢ়ক: Google In Trouble: ৩০ দিনৰ ভিতৰত ১,৩৩৭ কোটি টকা জৰিমনা পৰিশোধ কৰিবই লাগিব গুগলে

সূত্ৰসমূহৰ মতে, দ্বিতীয় বিশ্বযুদ্ধৰ শেষত জাপানৰ হিৰোছিমাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনীয়ে লিটল বয় নামৰ যি পাৰমাণৱিক বোমা ব্যৱহাৰ কৰিছিল, ইয়াৰ্ছ কমপ্লেক্সৰ ক্ষমতা তাতকৈ ১২ গুণ অধিক।

ইউক্ৰেইনত সামৰিক অভিযানৰ পিছৰে পৰা ৰাছিয়াই সীমান্ত বেলাৰুছৰ সৈতে সামৰিক প্ৰশিক্ষণো বৃদ্ধি কৰিছে। দেশখনে যোৱা বছৰটোত কেইবাটাও ব্যাপক অনুশীলন চলাইছে।

Related News