ৰাছিয়াই ৪৭ বছৰৰ পাছত পুনৰ চন্দ্ৰলৈ এখন মহাকাশযান প্ৰেৰণৰ সিদ্ধান্ত লৈছে। চন্দ্ৰপৃষ্ঠত ভৱিষ্যতে বসতি স্থাপনৰ বাবে পানীৰ সন্ধানত দেশখনে দক্ষিণ মেৰুলৈ প্ৰেৰণ কৰিব মহাকাশযানখন। সকলো ঠিকে থাকিলে কাইলৈ অৰ্থাৎ শুকুৰবাৰে সংস্থাটোৱে নিজা মহাকাশযান চন্দ্ৰলৈ প্ৰেৰণ কৰিব।
কিন্তু মহাকাশযানখন আগতেই উৎক্ষেপণৰ কথা আছিল। কেইবাবাৰো পলম হোৱাৰ পিছত দেশখনে নিজা মহাকাশযান ব্যৱহাৰ কৰি চন্দ্ৰ অভিযান পৰিচালনা কৰিছে। বিগত ৫০ বছৰৰ ভিতৰত এয়া হ’ব ৰাছিয়াৰ প্ৰথম চন্দ্ৰ অভিযান। ১৯৭৬ চনত দেশখনে চন্দ্ৰলৈ শেষ অভিযান চলাইছিল।
ৰস্কচমছৰ এক বিবৃতি অনুসৰি অহা ১১ আগষ্টত লুনা-২৫ নামৰ মহাকাশযানখন উৎক্ষেপণ কৰা হ’ব। এই মহাকাশযানখনে মাটিৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি চন্দ্ৰৰ ওপৰত দীৰ্ঘম্যাদী বৈজ্ঞানিক গৱেষণা চলাব।
বহুদিনৰ মূৰত প্ৰথমটো উৎক্ষেপণৰ লগতে চন্দ্ৰলৈ ৰাছিয়াৰ এই অভিযান ৰাজনৈতিকভাৱেও তাৎপৰ্যপূৰ্ণ। কিয়নো পূৰ্বে দেশখনে মহাকাশ অভিযানৰ ক্ষেত্ৰত ইউৰোপীয় মহাকাশ সংস্থাৰ সহযোগিতা লাভ কৰাৰ সুযোগ পাইছিল।
কিন্তু ৰাছিয়াই এই অভিযানত ইউৰোপীয় মহাকাশ সংস্থাৰ কোনো সঁজুলি বা সহযোগিতা ব্যৱহাৰ কৰা নাই। কাৰণ ইউৰোপীয় সংগঠনটোৱে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে ৰস্কোচমছৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰি পেলাইছে।
সম্পৰ্ক বিচ্ছিন্ন কৰাৰ পিছত ৰাছিয়াই কৈছিল যে ইউৰোপীয় মহাকাশ সংস্থাৰ সহযোগিতা অবিহনে দেশখনে কাম-কাজ অব্যাহত ৰাখিব পাৰিব। ইউৰোপীয় সংস্থাটোৰ সঁজুলিৰ পৰিৱৰ্তে নিজৰ সঁজুলি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিব।
চন্দ্ৰ অভিযানৰ বাবে নিৰ্মিত লুনা-২৫ তাৰেই প্ৰমাণ। ইয়াত ৰাছিয়াত নিৰ্মিত সকলো সঁজুলি ব্যৱহাৰ কৰা হয়। মহাকাশযানখনৰ ওজন প্ৰায় ৮০০ কিলোগ্ৰাম।
চন্দ্ৰলৈ অভিযানৰ বাবে সাধাৰণতে মহাকাশযান বিষুৱৰেখাত অৱতৰণ কৰে, যিটো চন্দ্ৰৰ আটাইতকৈ পৰিচিত স্থান। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম হ’ব ৰাছিয়াৰ লুনা-২৫। এই মহাকাশযানখন চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব।
ৰস্কোচমছৰ মতে, মস্কোৰ পৰা ৫৫৫০ কিলোমিটাৰ পূবে অৱস্থিত ভষ্টকনি কচমড্ৰম মহাকাশ বন্দৰৰ পৰা এই মহাকাশযানখন উৎক্ষেপণ কৰা হ’ব।