ইউক্ৰেইনৰ কেফেত ৰাছিয়াৰ ‘ৰকেট’ আক্ৰমণত কমেও ৫১ জন নিহত, আহত বহু লোক

ফটোঃ সংগ্ৰহীত।

ৰাছিয়াই ইউক্ৰেইনত এক ভয়ংকৰ ৰকেট আক্ৰমণ চলাইছে। ইতিমধ্যে খাৰকভ অঞ্চলত এই আক্ৰমণত ৫১ জন লোক নিহত হৈছে। ধ্বংসাৱশেষৰ মাজত আৰু বহু লোক আবদ্ধ হৈ আছে। ইউক্ৰেইনৰ প্ৰশাসনে আশংকা কৰিছে যে মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে। ৰাছিয়াৰ এই আক্ৰমণক তেওঁ সন্ত্ৰাসবাদী কাৰ্যকলাপ বুলি অভিহিত কৰে।

বাতৰি অনুসৰি, বৃহস্পতিবাৰে ৰাছিয়াই উত্তৰ ইউক্ৰেইনৰ খাৰকভ অঞ্চলৰ এখন কেফেক লক্ষ্য কৰি ৰকেট আক্ৰমণ চলায়। সেই কেফেখনত এজন মানুহৰ স্মৃতিচাৰণ সভা চলি থকাৰ বাবেই তাত বহু লোক গোট খাইছিল।

লগতে পঢ়কঃ ছেমি ফাইনেলত বাংলাদেশক বিধ্বস্ত কৰি এছিয়ান গেমছৰ ক্ৰিকেটত সোণৰ পদকৰ দৌৰত ভাৰত

ঠিক সেই সময়তে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই জনবসতিপূৰ্ণ অঞ্চলটোত আঘাত কৰে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে ৫১টা মৃতদেহ। গুৰুতৰভাৱে আহত আৰু ৬ জন লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰ ভিতৰত এজন নাবালক।

স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি এই ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত অঞ্চলটোৰ বহু ঘৰ ধ্বংস হয়। বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।

এই ৰকেট আক্ৰমণৰ পূৰ্বে ইউক্ৰেইনৰ বায়ুসেনাই জনাইছিল যে ৰাছিয়াই নিক্ষেপ কৰা ২৯টা ক্ষেপণাস্ত্ৰৰ ভিতৰত ২৪টা ক্ষেপণাস্ত্ৰ প্ৰতিৰোধ কৰা হৈছে। কিন্তু ইউক্ৰেইনৰ অন্যান্য অঞ্চলত আক্ৰমণ বন্ধ কৰাৰ পিছতো ইউক্ৰেইনৰ সেনাই খাৰকভ অঞ্চলত মৃত্যুৰ গতি ৰোধ কৰিব পৰা নাই।

উল্লেখ্য যে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ চলাই আহিছে। কিন্তু বিশেষজ্ঞসকলৰ মতে দেশৰ সাধাৰণ জনতাৰ ওপৰত ইমান বৃহৎ আক্রমণ আগতে কেতিয়াও হোৱা নাছিল৷

লগতে পঢ়কঃজম্মু-কাশ্মীৰৰ ৰাজৌৰী সেনা শিবিৰত সহকৰ্মীৰ ওপৰত গুলীচালনা সেনা মেজৰৰ, আহত ৬ জন

ৰাছিয়াৰ এই আক্ৰমণক জেলেনস্কিয়ে সন্ত্ৰাসবাদী কাৰ্য বুলি অভিহিত কৰে। তেওঁ যুদ্ধৰ সময়ত সহায় বিচাৰি ইউৰোপৰ কেইবাখনো দেশৰ নেতাসকলৰ সন্মিলনত অংশ লৈছে। তাৰ পৰাই তেওঁ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কয়, “ইউক্ৰেইনৰ এখন কেফেত ৰাছিয়াই কৰা নৃশংস আক্ৰমণ পৰিকল্পিত সন্ত্ৰাসবাদী আক্ৰমণ। তেওঁলোকে এই সন্ত্ৰাসবাদী কাৰ্যকলাপ বন্ধ কৰিব লাগিব।”