NORTHEAST NOW (Assamese)

সৰ্বোপৰি দেশ! ৰাছিয়াৰ সাংসদসকলেও যোগ দিব লাগিব ইউক্ৰেইনৰ যুদ্ধত!

September 23, 2022 7:23 am · এন ই নাও নিউজ, গুৱাহাটী

Russian MPs to join the Ukraine war ৰাছিয়াই ইউক্ৰেইনত যুদ্ধৰ বাবে ৩ লাখ সংৰক্ষিত সেনা সংগ্ৰহ কৰাৰ কথা ঘোষণা কৰিছে। বহুতে কয় যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ৰাছিয়াই প্ৰথমবাৰৰ বাবে এনে পদক্ষেপ লৈছে। আৰু সেইকাৰণেই এতিয়া নাগৰিকৰ মাজত ৰাছিয়া এৰি যোৱাৰ ধুম উঠিছে।

জানিব পৰা গৈছে যে ৰিজাৰ্ভ সেনাৰ চমন ঘোষণাৰ পিছত এদিনতে ৰাছিয়াৰ পৰা ৱান ওৱে বিমানৰ টিকটৰ বিক্ৰী বৃদ্ধি পাইছে। এক নিৰ্দিষ্ট বয়সৰ পুৰুষক (যুদ্ধলৈ যাবলৈ সক্ষম) ৰাছিয়া এৰি যাবলৈ বাধা দিয়াৰ পিছত সাধাৰণ মানুহৰ মনত ভয় আৰু বৃদ্ধি পাইছে।

লগতে পঢ়ক: ৰাছিয়াত জাৰি হ’ব পাৰে জৰুৰীকালীন অৱস্থা! ১৮ৰ পৰা ৬৫ বছৰ বয়সৰ পুৰুষক দেশ এৰি যোৱাত বাধা

এনে পৰিস্থিতিত ৰাছিয়াৰ সাংসদসকলকো ইউক্ৰেইনৰ যুদ্ধত যোগদান কৰিবলৈ কোৱা হৈছে। ৰাছিয়াৰ সংসদৰ নিম্ন সদন ডুমাৰ অধ্যক্ষ ভাচেস্লাভ ভোলোডিনে এই কথা কয়। তেওঁ কয়, “যিসকলে ৰিজাৰ্ভ সেনাত যোগদান কৰিবলৈ যোগ্য তেওঁলোকে এই মুহূৰ্তত ইউক্ৰেইনত সামৰিক অভিযানত অংশগ্ৰহণ কৰা উচিত। এই ক্ষেত্ৰত সংসদৰ সদস্যসকলকো ৰেহাই দিয়া হোৱা নাই।‘’

ইয়াৰ পূৰ্বে পুটিনে মাতৃভূমিৰ সুৰক্ষাৰ বাবে প্ৰায় ৩ লাখ সংৰক্ষিত সেনাক পুনৰ সামৰিক সেৱালৈ মাতিবলৈ নিৰ্দেশ দিছিল। ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া এক টেলিভিছন ভাষণত এই ঘোষণা কৰিছিল।

লগতে পঢ়ক: আমেৰিকাৰ দাবী নস্যাৎ; ৰাছিয়াক অস্ত্ৰ দিয়াৰ কথা অস্বীকাৰ উত্তৰ কোৰিয়াৰ

তেওঁ কৈছিল, “আমাৰ মাতৃভূমি, ইয়াৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা সুৰক্ষিত কৰাত, মুক্ত অঞ্চলত আমাৰ লোকসকল আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে, প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু জেনেৰেল ষ্টাফে সংৰক্ষিত সেনাক আংশিকভাৱে মাতি অনাৰ প্ৰস্তাৱ দিছে, যাক মই সমৰ্থন কৰো।”

Related News