ক’ভিদ ভেকচিন নিৰ্মাণ কৰা বিজ্ঞানী আন্দ্ৰে বটিকভৰ মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ
বিশ্বজুৰি বিপৰ্যয়ৰ সূচনা কৰা কভি’দ মহামাৰীৰ প্ৰতিষেধক ‘স্পুটনিক-ভি’ তৈয়াৰ কৰাত সহায় কৰা ৰাছিয়ান বিজ্ঞানী আন্দ্ৰে বটিকভৰ মৃতদেহ উদ্ধাৰ হৈছে মস্কোস্থিত তেওঁৰ নিজা এপাৰ্টমেণ্টত। বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয় বিজ্ঞানীগৰাকীৰ মৃতদেহ।
ৰাছিয়ান সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বটিকভক বেল্টেৰে ডিঙি চেপি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। ৰাছিয়ান সংবাদ সংস্থা টাছে ৰাছিয়ান ফেডাৰেচনৰ তদন্তকাৰী সমিতিৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি বটিকোভে গামালেয়া নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ ফৰ ইক’লজি এণ্ড মেথেমেটিক্সত জ্যেষ্ঠ গৱেষক হিচাপে কাম কৰিছিল।
ফেডাৰেল তদন্তকাৰী সংস্থাটোৱে বিবৃতিটোত উল্লেখ কৰা মতে, বটিকভৰ মৃতদেহ উদ্ধাৰৰ কেইঘণ্টামানৰ পাছতে তেওঁৰ হত্যাত জড়িত থকাৰ অভিযোগত এগৰাকী সন্দেহজনক ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। তদন্তকাৰী সংস্থাটোৰ মতে, ২৯ বৰ্ষীয় সন্দেহযুক্ত লোকগৰাকীয়ে কাজিয়াৰ সময়ত বটিকভক বেল্টেৰে ডিঙি চেপি হত্যা কৰে।
ব্যক্তিগত সংঘাতৰ ফলস্বৰূপে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সংস্থাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইতিমধ্যে বটিকভৰ হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।
উল্লেখ্য যে বটিকভক ২০২১ চনত ক’ভিদ ভেকচিনৰ ওপৰত কৰা কামৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে অৰ্ডাৰ অৱ মেৰিট ফৰ দ্য ফাদাৰলেণ্ড বঁটা প্ৰদান কৰিছিল।২০২০ চনত স্পুটনিক ভি ভেকচিন প্ৰস্তুত কৰা ১৮ গৰাকী বিজ্ঞানীৰ ভিতৰত বটিকভ আছিল অন্যতম।