NORTHEAST NOW (Assamese)

Ukraine War: এতিয়া ইউক্ৰেইনত প্ৰৱেশ কৰিবলৈ ৰাছিয়াৰ নাগৰিকক লাগিব ভিছা

June 19, 2022 9:05 am · এন ই নাও নিউজ, গুৱাহাটী
ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি।

যোৱা ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত এক বিশেষ সামৰিক অভিযান আৰম্ভ কৰিছিল। তাৰ পিছত প্ৰায় চাৰি মাহ পাৰ হৈ গ’ল। যুদ্ধ কিন্তু এতিয়াও শেষ হোৱা নাই।

এনে পৰিস্থিতিৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ঘোষণা কৰিছে যে এতিয়াৰ পৰা ইউক্ৰেইনলৈ যাব বিচৰা ৰাছিয়াৰ নাগৰিকসকলক ভিছা প্ৰদান কৰা হ’ব।

অহা ১ জুলাইৰ পৰা কোনো ৰাছিয়ান নাগৰিকক ভিছা অবিহনে ইউক্ৰেইনত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব।

লগতে পঢ়ক: Dangers Of Drinking Too Much Water: বেছি পানী খোৱাটো বিপদজনক! অধিক পানী খালে কি হ’ব পাৰে?

এক টেলিগ্ৰাম পোষ্টত জেলেনস্কিয়ে কয় যে এই নিয়মটো কেবিনেটত গৃহীত হোৱাৰ পিছত কাৰ্যকৰী কৰা হ’ব।

তেওঁ কয় যে এই পৰিকল্পনাৰ উদ্দেশ্য হৈছে দেশৰ সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু আঞ্চলিক ঐক্য সুৰক্ষিত কৰা।

অৱশ্যে যুদ্ধ আৰম্ভ হোৱাৰ পৰা দুয়োখন দেশৰ মাজৰ সীমা আনুষ্ঠানিকভাৱে বন্ধ কৰি দিয়া হৈছে। ফলস্বৰূপে, ভিছা প্ৰৱৰ্তন কৰা হ’লেও সাম্প্ৰতিক পৰিস্থিতিৰ বিশেষ পৰিৱৰ্তন নহ’ব।

লগতে পঢ়ক: Tips for charging smartphones: কেনেদৰে আপোনাৰ স্মাৰ্টফোনটো দ্ৰুততাৰে চাৰ্জ কৰিব? জানি লওক এইকেইটা উপায়

উল্লেখ্য যে ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ সীমান্তত প্ৰৱেশ কৰাৰ আগতে ৰাছিয়াৰ নাগৰিকসকলৰ দেশখনত প্ৰৱেশ কৰিবলৈ ভিছাৰ প্ৰয়োজন নাছিল। দুয়োখন দেশৰ মানুহ ভিছা অবিহনে অহাযোৱা কৰিব পাৰিছিল। কিন্তু যুদ্ধই সকলো সলনি কৰি দিছে।

ইপিনে, ইউক্ৰেইন ইউৰোপীয় ইউনিয়নত থাকিব নে নাই সেয়া শীঘ্ৰেই ঘোষণা কৰা হ’ব।

Related News