• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজুলীৰ চাউৰেগীয়া গাঁৱত মামৰে ধৰা খুঁটাত বিদ্যুৎ পৰিবাহী তাঁৰ

যিকোনো সময়তে সংঘটিত হব পাৰে ভয়ানক অঘটন

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
January 8, 2019 6:01 pm
IMG-20190108-WA0020
527
VIEWS
Share on FacebookShare on Twitter

মাজুলী জিলাৰ ৰতনপুৰ মিৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত চাউৰেকীয়া গাঁৱৰ বিদ্যুৎ পৰিবাহী তাঁৰ সংলগ্ন কৰা খুঁটাবোৰে বিপদ মাতিছে গাওঁবাসীলৈ। উল্লেখ্য যে, বিভিন্ন সময়ত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা পৰিবৰ্তনকামী চৰকাৰখনৰ বিয়াগোম বিদ্যুৎ বিভাগটোৱে আওপুৰণি লোহাৰ খুঁটাবোৰ মামৰে খাই চিগি যোৱাৰ উপক্ৰম হোৱাৰ পিছতো চকুত পৰা নাই বিদ্যুৎ বিভাগৰ।

চৰম দায়িত্বজ্ঞানহীনভাৱে বৰ্তমানেও উৱঁলি যোৱা খুঁটাবোৰৰ ওপৰেই উচ্চ ক্ষমতাৰ বিদ্যুৎ প্ৰবাহিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহূৰ্ততে অঘটন সংঘটিত হোৱাৰ আশংকাত ভূগিছে এতিয়া স্থানীয় জনসাধাৰণ।

কেৱল সিমানেই নহয় বিদ্যুত বিভাগৰ অমনোযোগিতাৰ ফলতেই মাজুলীৰ বিভিন্ন ঠাইত বিভাগটোৱে স্থাপন কৰা বহু ট্ৰান্সফৰ্মাৰ উন্মুক্ত অৱস্থাত থকাৰ উপৰি বাঁহৰ খুঁটাৰ ওপৰেৰে উচ্চ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ পাৰ কৰি নিয়া, কম উচ্চতাত বিদ্যুত পৰিবাহী তাঁৰ উলমি থকাৰ ফলতো আকস্মিক বিপদৰ আশংকা কৰি চিন্তিত হৈ পৰিছে জনসাধাৰণ।

এই সন্দৰ্ভত ইতিপূৰ্বে সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ পাই আহিছে যদিও এইবোৰক লৈ কেৰেপকে নকৰে বিদ্যুৎ বিভাগৰ মাজুলী সংমণ্ডলৰ বিষয়ববীয়াই।

বিপদ হোৱাৰ হোৱাৰ পিছত থৰকাচুটি হেৰুওৱাৰ আগতেই যাতে বিভাগটোৱে উন্মুক্ত ট্ৰেন্সফৰ্মাৰ সমূহ বেৰা দিয়াৰ লগতে এজাক বতাহতে চিঙি যোৱাৰ উপক্ৰম হোৱা আওপুৰণি বিদ্যুতৰ খুঁটাবোৰ শীঘ্ৰেই সলনি কৰি জনসাধাৰণক শংকামুক্ত কৰিবলৈ বিদ্যুৎ বিভাগক মাজুলীৰ সচেতন মহলে দাবী জনাইছে।

Recent News

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd