মাজুলী জিলাৰ ৰতনপুৰ মিৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত চাউৰেকীয়া গাঁৱৰ বিদ্যুৎ পৰিবাহী তাঁৰ সংলগ্ন কৰা খুঁটাবোৰে বিপদ মাতিছে গাওঁবাসীলৈ। উল্লেখ্য যে, বিভিন্ন সময়ত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা পৰিবৰ্তনকামী চৰকাৰখনৰ বিয়াগোম বিদ্যুৎ বিভাগটোৱে আওপুৰণি লোহাৰ খুঁটাবোৰ মামৰে খাই চিগি যোৱাৰ উপক্ৰম হোৱাৰ পিছতো চকুত পৰা নাই বিদ্যুৎ বিভাগৰ।
চৰম দায়িত্বজ্ঞানহীনভাৱে বৰ্তমানেও উৱঁলি যোৱা খুঁটাবোৰৰ ওপৰেই উচ্চ ক্ষমতাৰ বিদ্যুৎ প্ৰবাহিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত যিকোনো মুহূৰ্ততে অঘটন সংঘটিত হোৱাৰ আশংকাত ভূগিছে এতিয়া স্থানীয় জনসাধাৰণ।
কেৱল সিমানেই নহয় বিদ্যুত বিভাগৰ অমনোযোগিতাৰ ফলতেই মাজুলীৰ বিভিন্ন ঠাইত বিভাগটোৱে স্থাপন কৰা বহু ট্ৰান্সফৰ্মাৰ উন্মুক্ত অৱস্থাত থকাৰ উপৰি বাঁহৰ খুঁটাৰ ওপৰেৰে উচ্চ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰ পাৰ কৰি নিয়া, কম উচ্চতাত বিদ্যুত পৰিবাহী তাঁৰ উলমি থকাৰ ফলতো আকস্মিক বিপদৰ আশংকা কৰি চিন্তিত হৈ পৰিছে জনসাধাৰণ।
এই সন্দৰ্ভত ইতিপূৰ্বে সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ পাই আহিছে যদিও এইবোৰক লৈ কেৰেপকে নকৰে বিদ্যুৎ বিভাগৰ মাজুলী সংমণ্ডলৰ বিষয়ববীয়াই।
বিপদ হোৱাৰ হোৱাৰ পিছত থৰকাচুটি হেৰুওৱাৰ আগতেই যাতে বিভাগটোৱে উন্মুক্ত ট্ৰেন্সফৰ্মাৰ সমূহ বেৰা দিয়াৰ লগতে এজাক বতাহতে চিঙি যোৱাৰ উপক্ৰম হোৱা আওপুৰণি বিদ্যুতৰ খুঁটাবোৰ শীঘ্ৰেই সলনি কৰি জনসাধাৰণক শংকামুক্ত কৰিবলৈ বিদ্যুৎ বিভাগক মাজুলীৰ সচেতন মহলে দাবী জনাইছে।