NORTHEAST NOW (Assamese)

কামৰূপৰ বামুন্দিত ঐতিহাসিক সভাগন্ধ সিধা দিয়া উৎসৱ সম্পন্ন

January 21, 2019 4:48 pm · মৃদুল প্ৰীতম ডেকা
অসমত সমূহীয়া মাছ ধৰাৰ দৃশ্য

কামৰূপৰ বামুন্দিত ঐতিহাসিক সভাগন্ধ সিধা দিয়া উৎসৱ অনুষ্ঠিত হৈ গৈছে। ঐতিহাসিক পৰম্পৰাৰে বামুন্দিত অতিথি পৰায়ণতাৰ নিদৰ্শন ৰাখি আহিছে বামুন্দিৰ ৰাইজে। ৰাজ্যৰ কোনো ঠাইতে দেখিবলৈ নোপোৱা ঐতিহাসিক পৰম্পৰা জীয়াই ৰাখিছে বামুন্দিৰ ৰাইজে।

আজি লোকে লোকাৰণ্য হৈ পৰিছে বামুন্দি। সিধা ল’বলৈ ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে বামুন্দি। সিধা হৈছে এগৰাকী মানুহে এসাজ খাব পৰাকৈ লোকেল মাছ, চাউল, তেল, নিমখ, মছলা, পাচলি আদিৰ একোটাকৈ ভাগ।

অতিথিক আপ্যায়ন কৰিবলৈ দমে দমে ৰখা হৈছে ভিন্ন সা-সামগ্ৰী। দিনৰ ভাগত বামুন্দিৰ বিল জলাশয়ত সমূহীয়াকৈ মাছ ধৰি এইদৰে অতিথিৰ বাবে ৰখা হৈছে দমে দমে মাছ। বামুন্দিৰ সভাগন্ধ উৎসৱলৈ অহা সকলো অতিথিক এইদৰে সিধাৰে আপ্যায়ন কৰি আহিছে বামুন্দিবাসীয়ে।

এই সিধা লৈ  এগৰাকী অতিধিয়ে  বামুন্দিৰ কোনো এঘৰৰ চোতালত ৰান্ধি খাব পাৰিব। এই সময়ত সকলো অতিথিৰ বাবে বামুন্দিৰ প্ৰতিঘৰৰ চোতাল সাজু কৰা থাকে। এগৰাকী অতিথিয়ে এসাজ খাব পৰাকৈ গৃহস্থই সাজু যোগাৰ সকলো কৰি দিব। অতিথি আপ্যায়নৰ বিৰল নিদৰ্শনেৰে বামুন্দিবাসীয়ে এই ঐতিহাসিক সভাগন্ধ সিধা দিয়া পৰম্পৰা প্ৰতি বছৰ ৫ মাঘৰ দিনা আয়োজন কৰি আহিছে।

Related News