NORTHEAST NOW (Assamese)

‘সৱকা সাথ সৱকা বিকাশ, এইটো এটা ফাঁকিবাজ শ্লোগান’ : এপিচিচিৰ সভাপতি ৰিপুন বৰা

June 15, 2020 3:57 pm · দীপজ্যোতি শৰ্মা
Updated: June 15, 2020 4:00 pm

আজি সোমবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহলৈ প্ৰেৰণ কৰা এক নিৰ্দেশনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ দাম ২০০৪ চনৰ আগষ্ট মাহৰ দামৰ নিচিনা হ’ব লাগে বুলি মন্তব্য কৰে।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে লকডাউনৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ এপ্ৰিল মাহৰ মাছুল ৫০ শতাংশ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছিল।

আমাৰ দৃষ্টিত সেয়া যথেষ্ঠ নহয় বুলি উল্লেখ কৰি বৰাই কয় ‘বিদ্যালয়সমূহ পুনৰ খোলালৈকে মাহেকীয়া মাছুল ৫০ শতাংশ ৰেহাই দিব লাগে। বিদ্যালয় সমূহৰ বাছ চলা নাই। বাছৰ ভাড়া ১০০ শতাংশ লোৱাটো দূৰ্ভাগ্য জনক। বাছৰ ভাড়া ৰেহাই দিব লাগে।’

আনহাতে পুথিভঁৰাল, কম্পিউটাৰ, অতিৰিক্ত পাঠ্যক্ৰমৰ মাচুল সংগ্ৰহ কৰাতো অনুচিত আৰু বাৰ্ষিক মাচুল, পুনৰ নামভৰ্তি আদি ক্ষেত্ৰত মাচুল সংগ্ৰহ কৰাতো এই পৰিবেশত কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি কৈ অভিভাৱক সকলক সকাহ দিয়াৰ উদ্দেশ্যে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ হস্তক্ষেপ দাৱী কৰে বৰাই।

ইপিনে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি সন্দৰ্ভত বৰাই কয়, ‘আমি দাবী জনাও বৰ্তমান পেট্ৰ’ল ডিজেল আৰু ৰন্ধন গেছৰ মূল্য ২০০৪ চনৰ আগষ্টৰ ভিত্তিত হব লাগে। কিয়নো ২০০৪ চনৰ আগষ্ট মাহত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৪০ ডলাৰ আছিল আৰু আজিৰ তাৰিখতো একেই সেই মূল্য।’

আনহাতে ‘২০১৪-১৫ বিত্তীয় বৰ্ষৰ পৰা ২০১৯-২০ বিত্তীয় বৰ্ষলৈ মোডী চৰকাৰে পেট্ৰল আৰু ডিজেলৰ ওপৰত ১২ বাৰ কৰ বৃদ্ধি কৰিছে । যাৰ ফলত পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি হৈছে আৰু আমাৰ দুখীয়া ৰাইজ ক্ষতিগ্ৰস্ত হৈছে’ বুলি বৰাই অভিযোগ কৰে।

যোৱা ৮ দিনত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৪.৫২ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৪.৬৪ টকাকৈ বৃদ্ধি পাইছে বুলি উল্লেখ কৰি বৰাই কয়, ‘যি সময়ত লকডাউনত চৰকাকে কৈছে ২০ লাখ কোটিৰ পেকেজ দিছো। ৰাইজৰ ইমান দুৰ্দশা হৈছে। ইফালে আত্যাৱশকীয় পেট্ৰল আৰু ডিজেলৰ এনেকৈ বঢ়াই আছে তেনেহলে সৱকা সাথ সবকা বিকাশ কেনেকৈ হ’ল৷ এইটো এটা ফাকিবাজ শ্লোগান।’

জিএছটিৰ অধীনলৈ পেট্ৰল আৰু ডিজেলক ননা পৰ্যন্ত এই বৰ্ধিত আবকাৰী শুল্ক পৰিহাৰ কৰাৰ দাবী জনাই বৰাই।

Related News