আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত খেলপথাৰত নামিব শচীন-লাৰাৰ লগতে বহুকেইগৰাকী ৰথী-মহাৰথী

Sachin

আজি ক্ৰিকেটৰ পথাৰলৈ পুনৰ উভতিব ক্ৰিকেটৰ ভগৱান হিচাপে খ্যাত শচীন টেণ্ডুলকাৰ।

অনঅকাডেমী পথ সুৰক্ষা ৱৰ্ল্ড চিৰিজৰ প্ৰথমখন খেলত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত শচীন টেণ্ডুলকাৰ নেতৃত্বাধীন ইণ্ডিয়া লিজেণ্ডে ব্ৰায়ান লাৰা নেতৃত্বাধীন ৱেষ্টইণ্ডিজ লিজেণ্ডৰ মুখামুখি হ’ব।

সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই ক্ৰিকেট খেলখনত বহু কেইগৰাকী ক্ৰিকেটৰ প্ৰাক্তন ৰথী-মহাৰথীয়ে অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে, ২০১৩ চনত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত নিজৰ ক্ৰিকেট কেৰিয়াৰৰ পৰা সন্যাস গ্ৰহণ কৰা শচীন টেণ্ডুলকাৰে আজি ২০১৩ চনৰ পাছত প্ৰথমবাৰৰ বাবে ৱাংখেড়েত ক্ৰিকেট খেলত অংশ ল’ব।

ভাৰতত পথ দুৰ্ঘটনাৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱা ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ মাজত পথ সুৰক্ষা বৃদ্ধি কৰাৰ বাবেই এই প্ৰতিযোগিতা আয়োজনা কৰা হৈছে।

শচীন টেণ্ডুলকাৰ নেতৃত্বাধীন ইণ্ডিয়া লিজেণ্ডত শচীনৰ উপৰিও বীৰেন্দ্ৰ সেহৱাগ, যুৱৰাজ সিং, মহম্মদ কাইফ, অজিত আগাৰকাৰ, জাহিৰ খান, মুনাফ পেটেল, ইৰফান পাঠান আদিৰ দৰে তাৰকা ক্ৰিকেটাৰ সকলে অংশ ল’ব।

আনহাতে, ৱেষ্টেইণ্ডিজ লিজেণ্ডত ব্ৰায়ন লাৰা, শিৱনাৰায়ন চন্দ্ৰপল, ৰিকাৰ্ড’ পাৱেল, পেড্ৰ’ কলিনছ, কাৰ্ল হুপাৰ, ডাৰেন গংগা আদিৰ দৰে প্ৰাক্তন তাৰকা ক্ৰিকেটাৰে অংশ গ্ৰহণ কৰিব।

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত আজি পুনৰ শচীন-লাৰাৰ বেটিং শৈলী উপভোগ কৰিবলৈ হাজাৰ হাজাৰ লোক উপস্থিত হ’ব বুলি ধাৰণা কৰা হৈছে।