দল-সংগঠনৰ হুমকিত নিলম্বিত অসমীয়া শিক্ষয়িত্ৰীক পুনৰ পদত বাহাল ৰাখিলে জৱাহৰ নৱোদয় বিদ্যালয়ে

CAA-ৰ বিৰোধিতা কৰি দিয়া ফেইচবুক পোষ্টৰ বাবেই নিলম্বন কৰা হৈছিল বন্দিতা বৰাক

Bondita-Borah-750x375

ফটোৰ উৎস : ফেইচবুক।

CAA-ৰ বিৰোধিতাত ফেইচবুক পোষ্ট দিয়া এগৰাকী অসমীয়া শিক্ষয়িত্ৰীক নিলম্বিত কৰাৰ পিছত তিতাবৰ জৱাহৰ নৱোদয় বিদ্যালয় কৰ্তৃপক্ষই পুনৰ শিক্ষয়িত্ৰীগৰাকীক তেওঁৰ পদত বাহাল ৰাখিবলৈ সিদ্ধান্ত লয়।

“দুৰ্বল প্ৰদৰ্শন”ৰ অজুহাতত বিদ্যালয়খনৰ অধ্যক্ষ মুকেশ কুমাৰে বন্দিতা বৰা নামৰ কম্পিউটাৰ বিজ্ঞানৰ শিক্ষক তথা ছিষ্টেম এডমিনিষ্ট্ৰেটৰগৰাকীক ২৪ ডিচেম্বৰত নিলম্বন কৰিছিল।

কিন্তু তেওঁক প্ৰকৃততে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাত কৰা ফেইচবুক পোষ্টৰ বাবেহে নিলম্বন কৰা হৈছিল বুলি নিলম্বিত শিক্ষয়িত্ৰীগৰাকীয়ে মুকলিকৈ অভিযোগ আনিছিল।

নিলম্বিত হোৱাৰ আগে আগে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে আইনখনৰ বিৰোধিতাত কৰা এখন সভাৰ সমৰ্থনতো তেওঁ থিয় দিছিল।

এই গোটেই বিষয়টো ৰাজহুৱা হোৱাত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিদ্যালয় কৰ্তৃপক্ষক ২৪ ঘণ্টাৰ ভিতৰত শিক্ষয়িত্ৰীগৰাকীৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

আনহাতে শিক্ষয়িত্ৰীগৰাকী আৰু ছাত্ৰীসকলৰ ভাষ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত আন আন পক্ষৰ পৰাও ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া হৈছিল।

ইয়াৰ পিছতে অধ্যক্ষ মুকেশ কুমাৰক জৱাহৰ নৱোদয় বিদ্যালয় সমিতিৰ আঞ্চলিক কাৰ্য্যালয়লৈ তলৱ কৰে সমিতিৰ উপায়ুক্ত শ্যামলিমা ডেকাই। তাত হোৱা আলোচনাৰ পিছতে শিক্ষয়িত্ৰীগৰাকীক তেওঁৰ পদত পুনৰ বাহাল ৰখাৰ বাবে সিদ্ধান্ত হয়।

অৱশ্যে এতিয়াও বাহাল ৰখাৰ পত্ৰখন শিক্ষয়িত্ৰীগৰাকীয়ে মেইলযোগে পাবলৈ বাকী আছে বুলি জনালে।

“মই যিমান দূৰ শুনিছো, পত্ৰখন উপায়ুক্ত শ্যামলিমা ডেকাৰ দ্বাৰা জাৰি কৰা হৈছে”, বন্দিতা বৰাই কয়।

নিলম্বনৰ পিছতে এটা সাক্ষাৎকাৰত শিক্ষয়িত্ৰী বন্দিতা বৰাই কৈছিল যে চাকৰি যোৱাক লৈ তেওঁ মুঠেই চিন্তিত নহয়। সাক্ষাৎকাৰটোত তেওঁ CAA-ৰ বিৰোধিতাৰ বাবে বিদ্যালয়খনৰ অনা অসমীয়া লবিৰ ৰোষৰ বলি হোৱা বুলি অভিযোগ কৰিছিল।

আনহাতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সংবাদ মাধ্যমৰ আগত অভিযোগ, এজন অনা অসমীয়া শিক্ষকে CAA-বিৰোধী সভা পতা বাবে ছাত্ৰ-ছাত্ৰীসকলক ইতিকিং কৰিছিল আৰু “অসমীয়াসকল অশিক্ষিত বাবে CAA-ৰ বিৰোধিতা কৰিছে” বুলি মন্তব্য কৰিছিল।

উক্ত সভাখনত ছাত্ৰ-ছাত্ৰীসকলে কবিতা, গান, বক্তৃতাৰ মাজেৰে পতা সভাখনত ছাত্ৰীসকলে “NO CAA”, “জয় আই অসম” লিখা বেজ পিন্ধিছিল।

শিক্ষকজনৰ এই ইতিকিঙৰ বিষয়ে ছাত্ৰীসকলে বন্দিতা বৰাক অৱগত কৰাত বৰাই সেয়া শিক্ষকজনৰ ভুল হৈছে আৰু তেওঁ “ছ’ৰি ক’ব লাগে” বুলি কৈছিল। ইয়াৰ পিছতে তেওঁক নিলম্বন কৰে অধ্যক্ষ মুকেশ কুমাৰে।