• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘সাৰদা’ৰ প্ৰসংগ! মুখ খুলিছে সদানন্দ গগৈয়ে; দিবন ডেকাক লৈ কি অভিযোগ শিল্পীগৰাকীৰ?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 29, 2021 2:38 pm
sada gogoi -diban deka

সদানন্দ গগৈ আৰু দিবন ডেকা। ফাইল ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত ‘সাৰদা’ৰ বিয়াগোম কেলেংকাৰীক লৈ পূৰ্বতে বহু পানী ঘোলা হৈছে। কিন্তু হঠাতে সাৰদা কেলেংকাৰীৰ বিষয়টোৱে চৰ্চাৰ মাজৰ পৰা হেৰাই গৈছিল। এটা বিন্দুত গৈ চিবিআইৰ তদন্তও যেন থমকি ৰৈছিল!

কাৰণ আছিল বহুতো। এই কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছিল ৰাজনীতিক নেতাৰ পৰা আৰম্ভ কৰি বহু উচ্চ পদস্থ চৰকাৰী বিষয়াৰ লগতে বিভিন্নজনৰ নাম।

Apply Now

এই সাৰদা কেলেংকাৰীৰ এগৰাকী অভিযুক্ত তথা কাৰাদণ্ড ভোগ কৰা শিল্পী সদানন্দ গগৈয়ে এইবাৰ নিজৰ ফেচবুক প’ষ্টৰ যোগেদি কেলেংকাৰীটোৰ সৈতে তেওঁ ষড়যন্ত্ৰৰ বলি হোৱাৰ অভিযোগ তুলিছে।

নিজৰ এটা ফেচবুক প’ষ্টত সদানন্দ গগৈয়ে শেহতীয়াকৈ ৰাজ্য জোকাৰি যোৱা আৰক্ষী নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত তথা সাৰদা কেলেংকাৰীতো চৰ্চাৰ মাজলৈ অহা দিবন ডেকাক লক্ষ্য কৰিয়েই এই প’ষ্টটো লিখিছে।

সদানন্দ গগৈয়ে লিখিছে, ‘’এই দিবন ডেকা, অখিল গগৈ আৰু যুৱ কংগ্ৰেছৰ চৌধাৰী,তালুকদাৰ আদিয়ে ষড়যন্ত্ৰ কৰি মোক কাৰাগাৰলৈ নিক্ষেপ কৰিছিল। সাংবাদিক আৰু চাহ বাগিছাৰ মালিক মৃণাল তালুকদাৰৰ এটি TV তক শ্ব’ত অখিল গগৈ ডাঙৰীয়াই এখন ভুৱা ফোন কল ৰেকৰ্ড উলিয়াই জোঁকাৰি জোঁকাৰি TV ত দেখুৱাইছিল যে মই এদিনত ২৭ বাৰ সাৰদাৰ মালিকৰ লগত কথা পাতিছিলো।‘’

গগৈয়ে লগতে কয়,’’কিন্তু মই জানো মই সাৰদাৰ মালিকৰ নম্বৰেই নাজানো। পিছত আনকি চি বি আইৰ IGP জনেই দিবন ডেকাৰ সন্মুখতে কল লিষ্ট খন ভুৱা বুলি কৈছিল। মই এখন তেওঁলোকৰ বিস্কুট কাৰখানাৰ advertisement ৰ ফিল্ম হে বনাই দিছিলোঁ। সেই advertisement টো অসমৰ সকলো TV টে বাজিছিল। আৰু সেই advertisement film খন মোক বনাব দিছিল ঘোষ দস্তিদৰ নামৰ তেওঁ লোকৰ executive officer জনে,মালিকে নহয়।‘’

শিল্পী গগৈৰ আৱেগিক অভিযোগ, ‘’মই মোৰ একমাত্ৰ ছোৱালীজনী ক্লাছ চিক্সত এৰি থৈ গৈ ক্লাছ নাইনত আহি লগ পাইছোঁ। মোৰ ৰুগীয়া মাক হস্পিতালত চাবলৈও মোক অনুমতি দিয়া নাছিল। মই কোলাত লৈ ডাঙৰ কৰা মোৰ ভাগিন ল’ৰাটো ঢুকাউতেও মই চাবলৈ অনুমতি নাপালোঁ। তাৰ পাছতে মাও মোক এৰি গুচি গ’ল। বলিলৈ যিপাত শৰ সুগ্ৰীবলৈ’ একেপাত শৰ। মই দিবনক cbi অফিচতে সুধিছিলো যে মোক মিছাতে কিয় ফচালে, তেওঁৰ উত্তৰ আছিল “মই অকলে ফচিম নেকি” ৰাইজক মই কথা বোৰ মোৰ অতি সোনকালে প্ৰকাশ পাব লগীয়া আত্মজীৱনী “জীৱন সুৰৰ গান’ত সম্পূৰ্ণ কৈ জনাম। আশীৰ্বাদ কৰিব।‘’

উক্ত প’ষ্টটোৰ জৰিয়তে সদানন্দ গগৈয়ে আকৌ এবাৰ ‘সাৰদা’ কেলেংকাৰীৰ প্ৰসংগ উত্থাপন কৰি পানী ঘোলা কৰিবলৈ আগবাঢ়িছে। সকলোৰে মনত সদায়েই এক প্ৰশ্ন ৰাখি যোৱা এই বৃহৎ কেলেংকাৰীটোৰ তদন্তৰ ফলাফলক লৈয়ো সন্দেহৰ অৱকাশ থাকি গৈছে।

উল্লেখ্য যে ২০১৩ চনৰ এপ্ৰিলত পতন হোৱাৰ পূৰ্বে পশ্চিম বংগ, অসম, ত্ৰিপুৰা, ঝাৰখণ্ড আৰু উৰিষ্যাৰ ১.৭ মিলিয়নতকৈও অধিক লোকৰ ২৫০০ কোটি টকা সৰকোৱা অভিসন্ধিকাৰী সুদীপ্ত সেন আছিল সাৰদা গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক।

সূত্ৰ অনুসৰি, অসমৰ দৰিদ্ৰ বিনিয়োগকাৰীৰ পৰা সাৰদাই ৫০০ কোটি টকা সংগ্ৰহ কৰিছিল আৰু জমাকাল সম্পূৰ্ণ হ’লে বিপুল পৰিমাণৰ টকা ঘূৰাই পোৱাৰ আশা দিছিল। অসমৰ হাজাৰ হাজাৰ বিনিয়োগকাৰীয়ে তেওঁলোক প্ৰতাৰিত হোৱা বুলি অভিযোগ কৰিছিল।

চাৰিটা কোম্পানিৰ যোগেদি ২০০৮ৰ জুলাইৰ পৰা ২০১৩ চনৰ এপ্ৰিললৈকে ৰাইজৰ পৰা এই চিট ফান্দ কোম্পানীটোৱে ধন সংগ্ৰহ কৰিছিল বুলি এনফৰ্চমেণ্ট ডিৰেক্টৰেটে ইয়াৰ অভিযোগনামাত উল্লেখ কৰিছিল। কোম্পানী চাৰিটা আছিল Saradha Realty India Ltd, Saradha Tours & Travels Pvt Ltd, Saradha Housing Pvt Ltd আৰু Saradha Garden Resorts and Hotels Pvt Ltd।

সূত্ৰ অনুসৰি, সুদীপ্ত সেন অসমৰ একাংশ প্ৰভাৱশালী ৰাজনৈতিক নেতা আৰু আনকি জ্যেষ্ঠ আৰক্ষী বিষয়াৰো ঘনিষ্ঠ আছিল আৰু তেওঁৰ চিট ফান্দ ব্যৱসায়ক বৈধতা প্ৰদানৰ বাবে তেওঁলোকক নিয়মীয়াকৈ ধন দিছিল।

সাৰদা কেলেংকাৰিত জড়িত থকাৰ বাবে অসমৰ তিনিগৰাকী জনাজাত লোক প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰয়াত মাতংগ সিং, গায়ক সদানন্দ গগৈ আৰু মিডিয়া বেৰন মনোৰঞ্জনা সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ক’লকাতাত জে’লত ৰখা হৈছিল।

এই চিট ফান্দ গোচৰ সন্দৰ্ভত ২০১৭ চনৰ ফেব্ৰুৱাৰিত মধ্য দিল্লীৰ গ’লে বজাৰত প্ৰাক্তন কংগ্ৰেছী নেতা মাতংগ সিঙৰ ১০০ কোটিটকীয়া সম্পত্তি এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটে বাজেয়াপ্ত কৰিছিল।

সোণাপুৰৰ দুখন ৰিচ’ৰ্ট, দুখন অসমীয়া বাতৰি কাকত আৰু মালিগাঁৱৰ এখন হস্পিটেলকে ধৰি অসমত বহু প্ৰকল্পত সেনে বিনিয়োগ কৰিছিল বুলি তদন্তত ফাদিল হৈছিল।

গুৱাহাটীত সেনে Seven Sisters Post আৰু সকালবেলা (বাংলা) নামৰ দুখন বাতৰি কাকত আৰম্ভ কৰিছিল। ২০১৩ চনৰ এপ্ৰিলত তেওঁৰ গ্ৰেপ্তাৰৰ লগে লগে কাকত দুখনো বন্ধ হৈ যায়। জমাকাৰী, এজেণ্ট আৰু কৰ্মচাৰীৰ প্ৰতিবাদত ২০১৩ চনৰ ২২ এপ্ৰিলত অসম আৰক্ষীয়ে সাৰদাৰ ৫টা কাৰ্য্যালয় চীল কৰি দিছিল।

পশ্চিম বংগত ঠগ খোৱা জমাকাৰীৰ এজাহাৰৰ ভিত্তিত তদন্ত হোৱাৰ বিপৰীতে ব্যাপক প্ৰতিবাদৰ মাজত তদানীত্বন অসম চৰকাৰে নিজাববীয়াকৈ সাৰদা আৰু আন ১২৭টা কোম্পানীৰ বিৰুদ্ধে ২২২ গোচৰ ৰুজু কৰিছিল। ২০১৩ চনৰ ৬ মে’ত অসম চৰকাৰে ইয়াৰ তদন্তৰ ভাৰ চি বি আইক গতাই দিছিল।

অসমৰ ৰাইজে ‘সাৰদা’ কেলেংকাৰীত জড়িত প্ৰকৃত দোষীসকলে শাস্তি পোৱাটো বিচাৰে। কিন্তু ৰাজনৈতিক মেৰপেচত পৰিয়েই গোটেই কেলেংকাৰীৰ বিষয়টো এক ‘নুফুলা ফুলৰ কলি’ হৈ পৰিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd