NORTHEAST NOW (Assamese)

শদিয়াত ১০ গ্ৰাম ড্ৰাগছসহ তিনিজন যুৱকক আটক

November 18, 2019 7:20 pm · মানস প্ৰতিম গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

সোমবাৰে শদিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই লখিমীপথাৰ গাঁৱৰ অৰুণ চিৰিং (২৭) নামৰ এজন যুৱকৰ ঘৰত মাৰাত্মক মাদক দ্ৰব্য ড্ৰাগছ, ভাং, কানি সেৱন কৰি থকা অৱস্থাত তিনিজন যুৱকক আটক কৰে।

আটকাধীন যুৱকেইজন অৰুণ চিৰিং, কলীয়া দেউৰী আৰু ৰাহুল ৰায় বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ অভিযানকাৰী দলটোৱে যুৱককেইজনৰ পৰা ১০ গ্ৰাম ড্ৰাগছৰ লগতে কানি, ভাং সেৱন কৰা কেইপদমান সামগ্ৰী আৰু তিনিটাৰো অধিক মোবাইল ফোন, নগদ টকা জব্দ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে মহকুমাটোত দিনে দিনে অবাধ হাৰত মাদক দ্ৰব্যৰ লগতে মাৰাত্মক ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাত একাংশ যুৱকৰ জীৱনলৈ অমানিশা নামি অহাৰ লগতে মাদক দ্ৰব্যই ভৱিষ্যৎ প্ৰজন্মক নিঃশেষ কৰিব বুলি সচেতন মহলে মন্তব্য কৰিছে।

Related News