• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্থায়ীকৰণৰ দাবীৰে সদৌ অসম আশাকৰ্মী সন্থাৰ প্ৰতিবাদ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
March 28, 2022 4:13 pm
Sadou Asom Asha Karmi Santha (SAAKS)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিযুক্তিৰ স্থায়ীকৰণকে আদি কৰি বিভিন্ন দাবীৰে আজি মহানগৰীৰ চছলত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আশাকৰ্মী সন্থাই।

আজি প্ৰতিবাদস্থলীত সংস্থাৰ শীৰ্ষ নেতৃত্বই কয় যে বিগত ১৬টা বছৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত ন্যূনতম পাৰিতোষিকৰ ওপৰত কাম কৰি আশাকৰ্মী সকলে মিছনটোক জীয়াই ৰাখিছে।

Apply Now

যোৱা ২০০৬ চনত ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা জননী সুৰক্ষা যোজনা নামৰ এই বৃহৎ আঁচনিটো সফল কৰাৰ ক্ষেত্ৰত আশাকর্মী সকলেই মূল মেৰুদণ্ড।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ প্ৰতিগৰাকী বিষয়-ববীয়াই দৰমহাভোগী। কিন্তু মিছনৰ সফল ৰূপায়ণ কৰি স্বাস্থ্য বিভাগৰ আমূল পৰিৱৰ্তন অনা আশাকৰ্মী সকলক বিগত ১৬টা বছৰে ভলণ্টিয়াৰ ওৱাৰ্কাৰ হিচাপেই ৰখা হৈছে বুলি সদৌ অসম আশাকৰ্মী সন্থাই অভিযোগ কৰে।

সন্থাই লগতে কয় যে জননী সুৰক্ষা যোজনা আঁচনিৰ উপৰিও স্বাস্থ্য বিভাগৰ ১০০ শতাংশ কামৰ ৯০ শতাংশ কামেই আশাকৰ্মীৰ জৰিয়তে চলাই আছে। উপযুক্ত মজুৰি নিদিয়াকৈয়ে ৯০ শতাংশ কামৰ মুনাফা লৈ আছে বুলি তেওঁলোকে অভিযোগ কৰে।

অসমৰ চুকে-কোণে সিঁচৰিত হৈ থকা ৩২,৯২৫ গৰাকী আশাকর্মীক অসম চৰকাৰে শোষণ, নির্যাতন কৰি আছে বুলিও অভিযোগ কৰিছে সদৌ অসম আশাকৰ্মী সন্থাই।

তেওঁলোকে কয়, “তৃণমূল কর্মী হিচাপে আশাকর্মী সকলৰ নিৰ্দ্ধাৰিত সময়সীমা নাই। ত্যাগ আৰু নিষ্ঠাৰে কাম কৰাৰ পিছতো আজিলৈকে অসম চৰকাৰে উপযুক্ত মজুৰি দিব নোৱাৰাটো অতি দুখজনক কথা।”

এনে পৰিস্থিতিত সন্থাই আগন্তুক বাজেট অধিৱেশনত আশাকর্মী সকলক উপযুক্ত মজুৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।

তদুপৰি আশাকর্মী সকলক স্থায়ীকৰণৰ প্ৰস্তাৱ অতিশীঘ্ৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ লগতে ৬০ ঊর্ধৰ আশাকর্মী সকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিবলৈও সদৌ অসম আশাকৰ্মী সন্থাই দাবী জনাইছে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

ছিয়াং বান্ধ প্ৰকল্পক লৈ ক্ষোভৰ জুই, প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি, বিধায়কৰ গৃহ

October 24, 2026 10:09 am
অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ বাবেই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, অভিযোগ প্ৰাক্তন CEC কুৰেশ্বীৰ

অমিত শ্বাহৰ ঘনিষ্ঠ হোৱাৰ বাবেই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, অভিযোগ প্ৰাক্তন CEC কুৰেশ্বীৰ

October 24, 2026 9:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd