NORTHEAST NOW (Assamese)

উত্তৰ কোৰিয়াৰ কিম জঙৰ দৰে একনায়কত্ববাদী শাসন চলাইছে হিমন্ত বিশ্ব শৰ্মাই, কোনে ক’লে?

March 30, 2022 12:43 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী
Updated: March 30, 2022 1:23 pm

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জঙৰ সৈতে তুলনা কৰিলে সদৌ অসম চাফাই কৰ্মী সন্থাই।

সন্থাৰ বিষয়ববীয়া ৰূপম ভড়ালীয়ে কয়—’ ২০২০ চনৰ সমগ্ৰ দেশজুৰি ক’ভিড ১৯ য়ে ত্ৰাসৰ সৃষ্টি কৰিছিল । ইয়াৰ বিৰূপ প্ৰভাৱ আমাৰ অসমতো পৰিছিল। অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বিভিন্ন কোৱাৰেণ্টাই চেণ্টাৰ সমূহ স্থাপন কৰি সেই চেন্টাৰসমূহত চাফাই কর্মী নিয়োগৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল। সেই বিজ্ঞাপনৰ ভিত্তিত মৌখিক পৰীক্ষাত উত্তীর্ণ হৈ ক’ভিড ১৯ ৰ বিপদকানও নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি সেৱা আগবঢ়াইছিল।’

কোভিডৰ প্ৰথম লহৰত অসমৰ বিভিন্ন জিলাত স্থাপন কৰা কোৱাৰেণ্টাইন , কোভিড চেণ্টাৰ, কোভিড চিকিৎসালয়, স্ক্ৰীণিং চেণ্টাৰ , জিলা উপাযুক্ত, মহকুমাধিপতিৰ কাৰ্যালয় ইত্যাদিত মাত্র ১৩২৪ গৰাকী যুৱ-যুৱতীক চাফাই কর্মী হিচাপে নিযুক্তি দিছিল।

যিটো ,সময়ত ক’ভিডৰ ভয়ত মানুহ পথলৈ ওলাবলৈ ভয় কৰিছিল ,তেনে সময়ত এইসকল নিযুক্তিপ্ৰাপ্ত যুৱক-যুৱতীয়ে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি নিষ্ঠাৰে কাম কৰিছিল।

ভড়ালীয়ে কয়—’পূর্বতে যিবোৰ কাম কৰি আমি আমাৰ ঘৰখন চলাইছিলো সেই কাম সমূহ এৰি আহিছিলো একমাত্র অসম চৰকাৰ আৰু অসমৰ জনসাধাৰণক সহায় বাবে। আমি অনাগত দিনত এটা ভাল কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰাৰ আশাত ক’ভিড যুঁজাৰু হিচাপে জঁপিয়াই পৰিছিলো’।

এতিয়া ১৩২৪ গৰাকী যুৱ-যৱতী কর্মহীন পৰাৰ লগতে ঘৰখন চলাব নোৱাৰা হৈ পৰিছে। বহুতে হতাশাত ভুগি আত্মহত্যাৰ নিচিনা পথ বাচি ল’বলগীয়া হৈছে।

সদৌ অসম চাফাই কৰ্মী সন্থাই কৰ্মহীন হৈ পৰা যুৱ-যুৱতীসকলক অসম চৰকাৰৰ যিকোনো বিভাগৰ “চতুর্থ শ্রেণীৰ” নাইবা ঠিকাভিত্তিক “চতুর্থ শ্রেণীৰ” পদত ৬০ বছৰলৈকে সংস্থাপিত কৰাৰ আহ্বান জনাইছে।
এই দাবী মানি নল’লে ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহত্যাৰো ভাবুকি দিছে সদৌ অসম চাফাই কৰ্মী সন্থাৰ সদস্য-সদস্যাসকলে।

Related News