ক্ৰীড়ামন্ত্ৰীৰ ভাষ্যত প্ৰকাশ ভয়ংকৰ তথ্য: ২০১৮ চনৰ পৰা ছাইত সংঘটিত ১৭ টা যৌন নিৰ্যাতনৰ ঘটনা

Sexual harassment in SAI

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে (ছাই) ২০১৮ চনৰ পৰা যৌন নিৰ্যাতনৰ ১৭ টা অভিযোগ লাভ কৰিছে। মঙলবাৰে লোকসভাত প্ৰশ্নোত্তৰকালত চৰকাৰে এই তথ্য সদৰী কৰিছে।

সংসদত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে তিৰুৱন্তপুৰম, বেংগালুৰু, কলকাতা, গান্ধীনগৰ, লক্ষ্ণৌ আৰু দিল্লী এনচিআৰত অৱস্থিত ছাই কেন্দ্ৰসমূহে যৌন নিৰ্যাতনৰ অভিযোগ লাভ কৰিছে।

ইয়াৰে সাতটা অভিযোগ ২০১৮ চনত, ছয়টা ২০১৯ চনত, এটা ২০২০ চনত আৰু তিনিটা এতিয়ালৈকে চলিত বৰ্ষত প্ৰাপ্ত হৈছে।

ঠাকুৰে লগতে কয় যে ছাইৰ কৰ্মচাৰীসকলৰ দ্বাৰা ১৬ টা অভিযোগ কৰা হৈছে আৰু এইসমূহ ছাই কমপ্লেক্সৰ ভিতৰত সংঘটিত হৈছে। আনহাতে ছাইৰ এজন প্ৰশিক্ষকৰ বিৰুদ্ধে ছাই চৌহদৰ বাহিৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে যোৱা বছৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থা ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰতিবেদন দিছিল যে ২০১০ ৰ পৰা ২০১৯ চনৰ ভিতৰত ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত অহা ছাইৰ দ্বাৰা পৰিচালিত ২৪ টা কেন্দ্ৰত ৪৫ টা যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছিল আৰু বহুতো ঘটনা বছৰ ধৰি চলি আহিছিল।

প্ৰতিবেদনটোৰ পিছত ছাইৰ প্ৰাক্তন সঞ্চালক প্ৰধানসকলে মন্তব্য কৰিছিল যে নিৰ্যাতনৰ ঘটনাৰ প্ৰকৃত সংখ্যা বহুত বেছি হ’ব পাৰে কিয়নো সেইবোৰৰ বহুতো প্ৰতিবেদন দিয়া হোৱা নাই।

ঠাকুৰে মঙলবাৰে কয়, ‘যৌন উৎপীড়ন প্ৰতিৰোধৰ বাবে যথাযথ ব্যৱস্থা আৰু ছাইৰ সকলো প্ৰশিক্ষণ কেন্দ্ৰত অভিযোগ নিষ্পত্তিৰ বাবে এক প্ৰণালী প্ৰস্তুত কৰা হৈছে।’

“ছাইৰ বিভিন্ন কেন্দ্ৰত এগৰাকী জ্যেষ্ঠ মহিলা বিষয়াক সমিতিৰ অধ্যক্ষ হিচাপে লৈ আভ্যন্তৰীণ অভিযোগ সমিতি গঠন কৰা হৈছে। তদুপৰি ছাইত এটা 24×7 কল চেণ্টাৰও চলি আছে, ইয়াত প্ৰশিক্ষাৰ্থীসকলে অভিযোগ দাখিল কৰিব পাৰে।”— ক্ৰীড়ামন্ত্ৰী ঠাকুৰে লগতে কয়।