• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভঙা বিয়া জোৰা লগোৱাৰ চেষ্টা চাইনা-কাশ্যপৰ; বিচ্ছেদ ঘোষণাৰ ১৯ দিনৰ ভিতৰতে মন সলনি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2025 11:12 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ বেছিদিন আগৰ কথা নহয়। ১৩ জুলাইত খবৰ ওলাইছিল যে তেওঁলোকৰ পথ পৃথক হৈছে। চাইনা নেহৱাল আৰু পাৰুপল্লী কাশ্যপৰ বিবাহ বিচ্ছেদ ৰাজহুৱা হৈ পৰে। ছ’চিয়েল মিডিয়াত এই বিচ্ছেদৰ কথা ঘোষণা কৰে ছাইনাই।

শনিবাৰে (২ আগষ্টত) গম পোৱা গ’ল যে ছাইনা আৰু কাশ্যপে নিজকে আৰু এটা সুযোগ দিব বিচাৰিছে। একেলগে আগবঢ়াৰ মূল্য তেওঁলোকে বুজি পাইছে। তেওঁলোকে বিবাহিত জীৱনৰ গুৰুত্ব বুজি পাইছে। সেয়ে ছ’চিয়েল মিডিয়াত এখন ছবি পোষ্ট কৰি চাইনাই কয় যে তেওঁলোকে নিজৰ বিবাহ বচাবলৈ আন এক প্ৰয়াস কৰিছে। তাৰকা বেডমিণ্টন খেলুৱৈগৰাকীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, “কেতিয়াবা দূৰত্বই উপস্থিতিৰ মূল্য শিকায়। আমি আৰু এবাৰ চেষ্টা কৰিছো।”

Apply Now

২০১৮ চনত চাইনা নেহৱাল আৰু পাৰুপল্লী কাশ্যপৰ বিবাহ হয়। দুয়োজনে হায়দৰাবাদৰ পুল্লেলা গোপিচান্দৰ একাডেমীত প্ৰশিক্ষণ লৈছিল। তাতেই চিনাকি, ভাৱ বিনিময়। পিছত বিবাহ বন্ধনত আৱদ্ধ হয়।

চাইনাই ছ’চিয়েল মিডিয়াত নিজৰ বিচ্ছেদৰ কথা ঘোষণা কৰি লিখিছিল, “কেতিয়াবা জীৱনে আমাক বিভিন্ন দিশলৈ লৈ যায়। বহু চিন্তাৰ অন্তত পাৰুপল্লী কাশ্যপ আৰু মই পৃথক হোৱাৰ সিদ্ধান্ত লৈছো। আমি আমাৰ শান্তি, প্ৰগতি আৰু সুস্থতাক অগ্ৰাধিকাৰ দিছো। সকলো স্মৃতিৰ বাবে মই কৃতজ্ঞ। আমি দুয়ো আগবাঢ়ি যাব বিচাৰো। আমাক বুজি পোৱাৰ বাবে আৰু এই সময়ত আমাৰ সিদ্ধান্তক সন্মান জনোৱাৰ বাবে ধন্যবাদ।”

কিন্তু নতুন মাহ পৰাৰ লগে লগে চাইনাই পূৰ্বৰ সিদ্ধান্তৰ পৰা আঁতৰি অহাৰ  সিদ্ধান্তৰ কথা ঘোষণা কৰিলে। অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি চাইনা লাইমলাইটলৈ আহে। কৰ্ণম মলেশ্বৰীৰ পিছত অলিম্পিক পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়। ২০১৫ চনত মহিলা একক শাখাত প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে স্থান লাভ কৰিছিল চাইনাই।

আনহাতে, কাশ্যপে ২০১৪ চনৰ কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিছিল। তেওঁ ৩২ বছৰৰ পাছত কমনৱেলথ গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়। কাশ্যপে অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন ভাৰতীয় পুৰুষ বেডমিণ্টন খেলুৱৈ হিচাপেও পৰিগণিত হয়। ২০১২ চনত এই অভিলেখ গঢ়িছিল। পিছৰ বছৰত তেওঁ কেৰিয়াৰৰ শ্ৰেষ্ঠ ৰেংকিঙত উপনীত হয়। ২০১৩ চনত ৰেংকিঙত ছয় নম্বৰলৈ উঠি আহে। কিন্তু আঘাতৰ বাবে তাই ধাৰাবাহিকতা বজাই ৰাখিব পৰা নাছিল। পাৰফৰমেন্স গ্ৰাফটো তললৈ নামি গৈ থাকিল।

২০২৪ চনত চাইনাই কৈছিল যে তেওঁ বাতবিষত আক্ৰান্ত। ভৱিষ্যতৰ বিষয়ে দ্ৰুত সিদ্ধান্ত নিব লাগিব। চাইনাই কয়, ‘মোৰ আঁঠুৰ অৱস্থা ভাল নহয়। মই বাতবিষত আক্ৰান্ত। মোৰ কাৰ্টিলেজৰ অৱস্থা বেয়া। আঠ-ন ঘণ্টা খেলৰ লগত জড়িত হোৱাটো সম্ভৱ নহয়। এই অৱস্থাত মই বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈক কেনেকৈ প্ৰত্যাহ্বান জনাব পাৰো? মই ভাবো মই মানি ল’ব লাগিব। কাৰণ মই মাত্ৰ দুঘণ্টাৰ প্ৰশিক্ষণত বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈক প্ৰত্যাহ্বান জনাব নোৱাৰিম।’ তেতিয়াৰ পৰা ক’ৰ্টত দেখা পোৱা নাই চাইনাক। সেই ছাইনাই এইবাৰ সম্পূৰ্ণ বেলেগ কাৰণত শিৰোনামত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

October 4, 2026 3:29 pm
সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

October 4, 2026 11:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

কেদাৰনাথত ব্যতিক্ৰমী দৃশ্য! কেদাৰনাথক প্লাষ্টিকমুক্ত কৰাৰ দায়িত্ব ল’লে তীৰ্থযাত্ৰীয়ে

October 4, 2026 3:29 pm
সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

সাগৰৰ তলৰ পৰা উঠি আহিল বিশাল তিমি; খুন্দা মাৰি ডুবাই দিলে ৫২ ফুটৰ বিলাসী জাহাজ

October 4, 2026 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd