• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰমাণ নাই, ৮৪’ৰ শিখ বিৰোধী সংঘৰ্ষৰ সৈতে জড়িত দুটাকৈ গোচৰত দোষমুক্ত সজ্জন কুমাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2026 8:40 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৮৪ চনত দিল্লীৰ জনকপুৰী আৰু বিকাশপুৰীত সংঘটিত শিখ বিৰোধী সংঘৰ্ষৰ সৈতে জড়িত দুটা হত্যাকাণ্ডৰ গোচৰত দোষমুক্ত হ’ল প্ৰাক্তন কংগ্ৰেছ সাংসদ সজ্জন কুমাৰ। দিল্লীৰ ৰাউজ এভিনিউ আদালতৰ ন্যায়াধীশ ডিগ বিনয় কুমাৰে বৃহস্পতিবাৰে এই নিৰ্দেশ দিয়ে। প্ৰাথমিকভাৱে তেওঁ মৌখিক আদেশ দিছে। এই সম্পূর্ণ ৰায় এতিয়াও ৰাজহুৱা হোৱা নাই৷

প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত ১৯৮৪ চনত দেশত একপ্ৰকাৰ শিখনিধন যজ্ঞ চলিছিল। সেই অশান্তিৰ সময়ত ১ নৱেম্বৰত সৰস্বতী বিহাৰত যশৱন্ত সিং আৰু তেওঁৰ পুত্ৰ তৰুনদীপ সিং নামৰ এজন লোকক হত্যা কৰাৰ লগত কংগ্ৰেছ নেতা সজ্জন কুমাৰৰ নাম জড়িত হৈ পৰিছিল।

Apply Now

সেই সময়ত সজ্জন কুমাৰ দিল্লীৰ ৰাজনগৰৰ সাংসদ আছিল। প্ৰথম অৱস্থাত পঞ্জাৱী বাগ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছিল। ইয়াৰ পিছতে এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হয় আৰু তেওঁলোকক তদন্তৰ দায়িত্ব দিয়া হয়। ২০২১ চনৰ ১৬ ডিচেম্বৰত আদালতে সজ্জনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰে।

অধিবক্তাসকলে দাবী কৰে যে ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত বৃহৎ সংখ্যক উন্মত্ত জনতাই শিখসকলক আক্ৰমণ কৰে। সেই সময়ত যশৱন্তৰ ঘৰত আক্রমণ হৈছিল। তেওঁ আৰু তেওঁৰ পুত্ৰক হত্যা কৰা হৈছিল। ঘৰতো লুটপাত কৰি অগ্নিসংযোগ কৰে।

হত্যাকাণ্ডৰ উপৰি সজ্জনৰ নেতৃত্বত অঞ্চলটোত এটা গুৰদ্বাৰা জ্বলোৱাৰ অভিযোগ উঠে। যশৱন্তৰ পত্নীৰ অভিযোগৰ ভিত্তিত এই গোচৰৰ তদন্ত আৰম্ভ হৈছিল। ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত দিল্লীৰ বিশেষ আদালতে সজ্জনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। তেওঁ এতিয়া জেলত আছে।

কিন্তু ১৯৮৪ চনৰ ১ নৱেম্বৰত জানকপুৰী অঞ্চলত সোহন সিং আৰু জোঁৱাই অৱতাৰ সিঙৰ হত্যাকাণ্ড আৰু ১৯৮৪ চনৰ ২ নৱেম্বৰত বিকাশপুৰীত গুৰচৰণ সিঙক জ্বলাই দিয়া গোচৰত বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে সজ্জন কুমাৰক দোষমুক্ত কৰে।

১৯৮৪ চনত পালাম কলনীত ৫জন শিখৰ হত্যাকাণ্ডৰ গোচৰত ২০১৮ চনত দিল্লী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ত তেওঁ যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd