• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনৰ পূর্বে ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ দৰমহা মুকলি কৰি দিয়াৰ আহ্বান

বৰ্তমানলৈকে প্ৰেৰণ কৰা নাই প্ৰয়োজনীয় বাজেট; দুশ্চিন্তাত পৰিছে শিক্ষক সমাজ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 20, 2021 6:53 pm
a-school-750x375

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্য চৰকাৰে চলিত বর্ষৰ ৩০ জানুৱাৰীত গুৱাহাটীৰ খানাপাৰাত বিশাল সমাৱেশ আয়োজন কৰি ৪৫১১ গৰাকী শিক্ষকৰ হাতত নিযুক্তি পত্ৰ প্ৰদান কৰিছিল। নিযুক্তি গ্রহণ কৰি শিক্ষক সকল নিজ নিজ বিদ্যালয়ত যোগদান কৰি নিয়মীয়াকৈ কাৰ্যনিৰ্বাহ কৰি আছে যদিও বৰ্তমানেও তেওঁলোকে পাব লগা দৰমহা লাভ কৰা নাই আৰু নিৰ্বাচনৰ পূর্বে দৰমহা লাভ কৰিবনে নকৰে সেইটো স্পষ্ট হোৱা নাই।

ইয়াক লৈ ৰাজ্যৰ শিক্ষক সকল দুশ্চিন্তাত পৰা দেখা গৈছে। জানিব পৰা মতে এই মুহূৰ্তলৈকে কোষাগাৰ সমূহলৈ প্ৰয়োজনীয় বাজেট শিক্ষা বিভাগে প্ৰেৰণ কৰা নাই।

Apply Now

নিৰ্বাচনৰ পূর্বে দৰমহা লাভ কৰিবনে নকৰে শিক্ষা বিভাগৰ ওচৰতো নিৰ্ভৰযোগ্য  তথ্য নাই বুলি সদৰি কৰি সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সভানেত্রী হেমাঞ্জলী ভুঞা দত্ত আৰু সাধাৰণ সম্পাদক বসন্ত নেওগে নিৰ্বাচনৰ পূর্বে ৰাজ্যৰ সদ্য নিযুক্তি প্ৰাপ্ত শিক্ষকসকলক দৰমহা প্ৰদান কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছে।

যদি নিৰ্বাচনৰ পূর্বে দৰমহা লাভ কৰাৰ পৰা শিক্ষক সকল বঞ্চিত হব লগা হয় তেন্তে চৰকাৰে শিক্ষক সকলক কণা হাঁহক পতান দিয়াৰ বাহিৰে আন একো নহয় বুলি মন্তব্য আগবঢ়াইছে ৰাজ্যৰ শিক্ষক সমাজে।

উল্লেখ্য যে বিগত ২০/২৫ বছৰ পূর্বে এইসকল শিক্ষকে চৰকাৰীভাৱে নিযুক্তি গ্রহণ কৰি বুনিয়াদী প্ৰশিক্ষণ গ্রহণ কৰিও প্ৰয়োজনীয় দৰমহাৰ পৰা বঞ্চিত হৈ আহিছিল।

বৰ্তমানৰ শাসকীয় দলৰ চৰকাৰখনে বিগত বিধানসভা নির্বাচনৰ পূর্বে শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ পাছত চাকৰি সমূহ নিয়মীয়াকৰণৰ ৰাজহুৱা আশ্বাস প্রদান কৰিছিল। চৰকাৰৰ পৃষ্ঠপোষকতাত আয়ুক্ত পৰ্যায়ত হোৱা তদন্তৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি অতি শেহতীয়াভাৱে চাকৰি নিয়মীয়াকৰণ কৰি নিযুক্তি পত্ৰ প্ৰদান কৰাত শিক্ষক সকলে হেৰুৱা সন্মান লাভ কৰাত উৎফুল্লিত হৈ নিজৰ নিজৰ কৰ্ম ক্ষেত্রত নিয়োজিত হৈ আহিছে।

কিন্তু যোৱা ৩০ জানুৱাৰীতে নিযুক্তি দিয়াৰ পাছতো বৰ্তমানেও দৰমহা প্ৰদান নকৰাত শিক্ষকসকল পুনৰ প্ৰবঞ্চনাৰ বলি হোৱাৰ আশংকা কৰা দেখা গৈছে।

তদুপৰি শিৱসাগৰ জিলাৰ ১২০ গৰাকী শিক্ষক নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ ৰব লগা হ’ল।

উল্লেখ্য যে আয়ুক্ত পৰ্যায়ত হোৱা তদন্তৰ ওপৰত ভিত্তি কৰি শিক্ষা বিভাগে বুনিয়াদী প্ৰশিক্ষণ গ্রহণ কৰা শিক্ষকসকলক শিক্ষক হিচাবে নিযুক্তি পত্ৰ প্ৰদান কৰাৰ বিপৰীতে প্ৰশিক্ষণ নথকা শিক্ষকসকলক টিউটৰ হিচাবে নিযুক্তি পত্ৰ প্ৰদান কৰিছে।

কিন্তু শিৱসাগৰ জিলাৰ ৫৩ গৰাকী শিক্ষক প্ৰশিক্ষণপ্ৰাপ্ত হোৱাৰ পাছতো  অতি দুৰ্ভাগ্যজনকভাৱে টিউটৰ হিচাবে নিযুক্তি গ্রহণ কৰিব লগা হৈছে।

আনহাতে, প্ৰশিক্ষণ গ্রহণ নকৰা আৰু মাত্র তিনিমাহ প্ৰশিক্ষণ লোৱা আন একাংশ শিক্ষকে আয়ুক্ত পৰ্যায়ত হোৱা তদন্তৰ প্ৰতিবেদনক ভেঙুচালি কৰি  শিক্ষক হিচাবে নিযুক্তি লবলৈ সুবিধা লাভ কৰিলে ইয়াক লৈ শিক্ষকসকলৰ মাজত এক বৃহৎ প্ৰশ্ন উত্থাপন হোৱা দেখা গৈছে।

২০১২ চনলৈকে দৰমহা লাভ কৰা আৰু আয়ুক্ত পৰ্যায়ত হোৱা তদন্তত প্ৰয়োজনীয় সকলো তথ্য দাখিল কৰাৰ পাছতো শিক্ষা বিভাগৰ চৰম অৱহেলাৰ বাবেই শিক্ষক সকল বঞ্চিত হব লগা হল বুলি ক্ষোভ উজাৰিছে বঞ্চিত তথা দুৰ্ভগীয়া শিক্ষক সকলে।.

সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সভানেত্রী হেমাঞ্জলী ভুঞা দত্ত আৰু সাধাৰণ সম্পাদক বসন্ত নেওগে নিৰ্বাচনৰ পূর্বে দৰমহা মুকলি কৰি দিবৰ বাবে শিক্ষা বিভাগক দাবী জনাইছে।

তদুপৰি যিসকল শিক্ষক অবাঞ্ছিতভাৱে থাকি গৈছে তেওঁলোকৰ ক্ষেত্ৰতো সহানুভূতিৰে বিবেচনা কৰিবৰ বাবে সন্থাৰ তৰফৰ পৰা চৰকাৰক আহ্বান জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd