NORTHEAST NOW (Assamese)

পাঁচ বছৰ বয়সৰ পৰাই বাৰে বাৰে ধৰ্ষণৰ বলি হৈছো; চলমান খানৰ প্ৰাক্তন প্ৰেমিকাৰ স্বীকাৰোক্তি

March 13, 2021 12:40 pm · এন ই নাও নিউজ
সোমি আলি।

বলীউদত মাত্ৰ কেইবছৰহে কেৰিয়াৰ বৰ্তি আছিল সোমি আলিৰ। চলিচ্চিত্ৰ উদ্যোগত নিজৰ ছবিৰ বাবে নহয়, চলমান খানৰ প্ৰেমিকা হিচাপেহে অধিক পৰিচিতি লাভ কৰিছিল সোমি।

শেহতীয়াভাৱে এক সাক্ষাৎকাৰত সোমিয়ে জানিবলৈ দিছে যে তেওঁ প্ৰথমবাৰ পাঁচ বছৰ বয়সত যৌন নিৰ্যাতনৰ বলি হৈছিল। ৯বছৰতো ধৰ্ষণৰ বলি হয়। সেইদৰে ১৪বছৰ বয়সত পুনৰ ধৰ্ষণৰ বলি হয় অভিনেত্ৰীগৰাকী।

সাক্ষাৎকাৰত সোমিয়ে কৈছে,’’ প্ৰথমবাৰ মই যৌন নিৰ্যাতনৰ বলি হৈছিল ৫বছৰ বয়সত। তাৰপাছত ৯ আৰু ১৪ বছৰ বয়সত পুনৰ দুবাৰ ধৰ্ষিতা হওঁ। সকলো ঘটনা ঘৰতেই ঘটিছিল। মা-দেউতাক ঘটনাসমূহ জনাইছিলো। তেওঁলোকে ব্যৱস্থাও লৈছিল। কিন্তু লগতে কৈছিল যে এই বিষয়ত মই যেন মুখ নোখোলো। বহু বছৰ মোৰ মূৰত এই চিন্তাই বাহ লৈছিল, মোৰ দোষ ক’ত আছিল?’’

তেওঁ লগতে কয়,’’ মোৰ মা-দেউতাই এনেদৰে কিয় ক’লে? পাকিস্তান আৰু ভাৰতত সামাজিক প্ৰতিপত্তি তথা সন্মান ৰক্ষাৰ বাবে এনেদৰে বহু ছোৱালীয়ে মূল্য ভৰিবলগীয়া হয়। মোক তেওঁলোকে সন্মানহানিৰ পৰা বচাব বিচাৰিছিল, সেয়া এতিয়া মই বুজিব পাৰিছো।‘’

বিগত ১৪বছৰ ধৰি সোমিয়ে এটা No More Tears নামৰ এটা এনজিঅ’ চলাই আহিছে। ইয়াৰ কাম হৈছে ধৰ্ষণ তথা যৌন নিৰ্যাতনৰ বলি মহিলাক উদ্ধাৰ কৰি তেওঁলোকক নতুন জীৱন দিয়া।

আনহাতে, সোমিয়ে বেয়া অভিনয় তথা নৃত্য কৰাৰ বাবে বলীউদৰ নায়কসকলৰ ওচৰত ক্ষমাও বিচাৰিছে। এই তালিকাত চলমান খান, মিঠুন চক্ৰৱৰ্তী, চইফ আলী খান, সুনীল ছেট্টীৰ দৰে অভিনেতাসকল আছে।

Related News