চুবুৰীয়াৰ বিস্ফোৰক অভিযোগ; বলীউদ তাৰকা চলমান খানৰ ফাৰ্মহাউছত তাৰকাসকলৰ কবৰ!

WhatsApp Image 2022-01-24 at 8.07.46 AM(1)

বলীউদৰ ভাইজান চলমান খানৰ পানভিলাৰ ফাৰ্ম হাউছৰ ভিতৰত তাৰকাসকলৰ কবৰ আছে। এনে এক বিস্ফোৰক অভিযোগ তুলিছে চলমানৰ চুবুৰীয়া কেতন কক্কৰ নামৰ ব্যক্তিগৰাকীয়ে।

কেবল সেয়াই নহয়, তাত  শিশু সৰবৰাহ চক্ৰও সক্ৰিয় বুলি অভিযোগ কৰে কক্কৰে।

বাতৰি অনুসৰি, চুবুৰীয়াগৰাকীৰ বিৰুদ্ধে অভিনেতাগৰাকীয়ে আদালতত তৰা মানহানিৰ গোচৰ চলি থকাৰ মাজতে চলমানৰ অধিবক্তা প্ৰদীপ গান্ধীয়ে চুবুৰীয়াৰ এনে অভিযোগৰ কথা সদৰী কৰিছে।

চলমান খানে মুম্বাইৰ চিটি চিভিল আদালতত চুবুৰীয়াৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল। বহুদিন ধৰি ইয়াৰ শুনানি চলি আছে।

লগতে পঢ়ক: নগাঁওৰ ঘটনাটো মুখ্যমন্ত্ৰীৰ অত্যাচাৰী ৰাজত্বৰ এটা প্ৰতিফলন: ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

শুনানি চলি থকাৰ মাজতে চলমানৰ অধিবক্তাগৰাকীয়ে জনায় যে তেওঁৰ চুবুৰীয়াই ছচিয়েল মিডিয়া প’ষ্ট তথা সাক্ষাৎকাৰত এনে একাধিক জঘন্য মন্তব্য কৰিছে। তেওঁ কয় যে অভিনেতাগৰাকীৰ বিৰুদ্ধে অনা অভিযোগসমূহৰ কোনো ভিত্তি নাই আৰু ইয়াৰ কোনো প্ৰমানো তেওঁৰ হাতত নাই।

জানিব পৰা মতে, প্ৰবাসী ভাৰতীয় কেতন কক্কৰ অৱসৰৰ পাছত ভাৰতলৈ আহি চলমান খানৰ পানভিলাৰ ফাৰ্ম হাউছৰ কাষতে থকা তেওঁৰ মাটিত বসতি কৰাৰ পৰিকল্পনা কৰে। কক্কৰে অভিযোগ কৰে যে তেওঁৰ মাটিলৈ যোৱা পথটো চলমান খানে বন্ধ কৰি দিছে। তাকে লৈ আৰম্ভ হৈছে সমস্যাৰ।

লগতে পঢ়ক:Covid Update: কোভিড টেষ্ট হ্ৰাস! ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

অভিনেতাগৰাকীৰ পক্ষই দাবী কৰা মতে কক্কৰৰ নথিপত্ৰৰ সমস্যা থকাৰ বাবে প্ৰশাসনেই হেনো এই ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পাছৰে পৰাই কক্কৰে চলমানৰ বিৰুদ্ধে বিভিন্ন মন্তব্য কৰি যায়।

বলীউদৰ ভাইজানে ইয়াৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হয়। তেওঁ চুবুৰীয়াৰ ফেচবুক, টুইটাৰ, ইউটিউবৰ দৰে ছচিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা এইধৰণৰ সকলো কনটেন্ট মচি পেলোৱাৰ দাবী কৰিছে।