• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰম সংকটৰ গৰাহত ঐতিহাসিক চামগুৰি বিল; খবৰ নাই মীন বিভাগৰ

NE NOW NEWS ভার্গব হাজৰিকা
পুৰণিগুদাম , June 27, 2019 2:40 pm

2 min read

চৰম সংকটৰ গৰাহত ঐতিহাসিক চামগুৰি বিল; খবৰ নাই মীন বিভাগৰ
1.3k
VIEWS
Share on FacebookShare on Twitter

পক্ষীতীৰ্থৰূপে প্ৰখ্যাত তথা কৰতী মাছৰ একমাত্ৰ থলি হিচাপে খ্যাত নগাঁও জিলাৰ ঐতিহাসিক চামগুৰি বিল এতিয়া চৰম সংকটৰ গৰাহত।

যোৱা কিছুদিন ধৰি ঘোঁৰাৰ খোৰা সদৃশ আকৃতিৰ বৃহৎ মাটি-কালিৰে আগুৰা বিলখনত ৰহস্যজনক কাৰণত ইয়াৰ পৰিচয় স্বৰূপ কৰতী মাছৰ লগতে আন প্ৰজাতিৰো বহু সংখ্যক মাছৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি স্থানীয় ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমী সকল চিন্তিত হৈ পৰিছে।

বৰ্তমান মহলদাৰৰ তদাৰকত থকা চৰকাৰী বিলখনৰ পানীৰ বৰণ প্ৰায় ক’লা হৈ পৰা পৰিলক্ষিত হৈছে। একাংশৰ মতে, বিলখন পৰিস্কাৰ কৰাৰ নামত চৰকাৰী পুঁজি আৱণ্টিত হয় যদিও ডাকত লোৱা পক্ষ আৰু মহলদাৰৰ অনীহাৰ ফলত চলিত বছৰত বিলখনৰ মেতেকা তথা অলাগতিয়াল জাৱৰ পৰিস্কাৰ নকৰাত প্ৰখৰ ৰ’দত পচি সেইসমূহে ইয়াৰ জলৰাশি দূষিত কৰি তোলাত অস্বাভাৱিকভাৱে মৃত্যু হৈছে বহু সংখ্যক মাছৰ।

আনহাতে, চৰকাৰী নীতি-নিয়ম অৱজ্ঞা কৰি দিনদুপৰতে একাংশ অসাধু লোকে অবাধে বিলখনত মাছৰ চিকাৰ কৰি আহিছে, ইয়াৰ লগতে আছে নিতৌ নিক্ষেপ কৰা ঘৰৰ পেলনীয়া জাৱৰৰ তথা সমীপৰ কেইবাখনো চাহ বাগিচাৰ পৰা ভেটা ভাঙি সোমাই অহা ঔষধযুক্ত পানীৰ প্ৰভাৱ।

এইদৰে থাকিলে বিলখনলৈ অহা বিভিন্ন প্ৰজাতিৰ স্থানীয় তথা পৰিভ্ৰমী চৰাইৰ প্ৰতি চূড়ান্ত ভাবুকি আহি পৰাটো নিশ্চিত বুলি প্ৰকৃতিপ্ৰমী সকলে মত প্ৰকাশ কৰিছে।

ইমানৰ পিছতো মহলদাৰ, বিলখন ডাকত লোৱা পক্ষ তথা মীন বিভাগে এইক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে দেখিও নেদেখাৰ ভাও জুৰি বহি থকা কাৰ্যক সচেতন মহলে সহজভাৱে ল’ব পৰা নাই।

Recent News

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd