নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ তথা শিৱস্থান আৰক্ষী চকীৰ আৰক্ষীয়ে শনিবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি এটা ধৰ্ষণকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱকজনক হাইদৰ আলী বুলি চিনাক্ত কৰা হৈছে।
শিৱস্থান আৰক্ষী চকীৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি পাঁচ মাহ পূৰ্বে শিৱস্থান পাঘালীৰ নুৰউদ্দিনৰ পুত্ৰ হাইদৰ আলীয়ে এগৰাকী ১৭ বছৰীয়া কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগ লৈ ফুচুলাই ধৰ্ষণ কৰা কাণ্ড শেহতীয়াকৈ পোহৰলৈ আহিছিল।
পৰৱৰ্তী সময়ত কিশোৰীগৰাকী অন্তঃসত্ত্বা হোৱাত কিশোৰীগৰাকীৰ পৰিয়ালে শিৱস্থান আৰক্ষী চকীত যুৱকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।
অৱশ্যে ধৰ্ষণত অভিযুক্ত যুৱকজন ঘটনাটো পোহৰলৈ অহাৰ পিছৰে পৰা পলাতক হৈ আছিল।
অৱশেষত শনিবাৰে নিশা শিৱস্থান আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ধৰ্ষণকাৰী লম্পট যুৱকজনক পাঘালী অঞ্চলৰ পৰা আটক কৰিবলৈ সক্ষম হয়।
বৰ্তমান চামগুৰি আৰক্ষী থানাত অভিযুক্ত যুৱকজনৰ ওপৰত জেৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।