সাম,দাম,দণ্ড নে ভেদ! কিহৰ তাড়নাত বিজেপিমুখী হ’ল কংগ্ৰেছৰ লোকসভাৰ প্ৰাৰ্থী?

দেশজুৰি চলি আছে লোকসভা নিৰ্বাচন। গুজৰাটৰ চুৰাটৰ পাছত এইবাৰ মধ্যপ্ৰদেশৰ ইন্দোৰত কংগ্ৰেছ প্ৰাৰ্থী অক্ষয় কুমাৰ বামে প্ৰত্যাহাৰ কৰিলে মনোনয়ন। একে সময়তে কংগ্ৰেছৰ সংগ এৰি এৰি গেৰুৱা শিবিৰত যোগ দিলে বামে।বামে নিৰ্বাচনৰ কিছুদিন পূৰ্বে বিজেপিত যোগদানে কমল নাথৰ কংগ্ৰেছত এক বৃহৎ জোকাৰণিৰ সৃষ্টি কৰিছে।

১৩ মে’ত চতুৰ্থ পৰ্যায়ত ভোটদান কৰিব ইন্দোৰে। বিজেপিয়ে পুনৰ ইয়াত বৰ্তমানৰ সাংসদ শংকৰ লালৱানীক মনোনীত কৰিছে।কংগ্ৰেছে লালৱানীৰ বিৰুদ্ধে টিকট প্ৰদান কৰিছিল সদ্য কংগ্ৰেছত্যাগী বামক।ইপিনে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ কিছু সময়ৰ পাছতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা ইন্দোৰৰ বিধায়ক কৈলাস বিজয়বৰ্গিয়াই বামক গেৰুৱা শিবিৰত আদৰণি জনায়।

প্ৰসংগক্ৰমে চলিত মাহৰ আৰম্ভণিতে কংগ্ৰেছৰ চুৰাটৰ প্ৰাৰ্থী নীলেশ কুম্ভানীয়ে হঠাতে নিৰ্বাচনৰ পৰা আঁতৰি আহিছিল। কিন্তু প্ৰশাসনে অৱগত কৰে যে তেওঁৰ মনোনয়নপত্ৰ কিছু ভুলৰ বাবে বাতিল কৰা হৈছে। আনকি দলৰ দ্বিতীয় পছন্দৰ প্ৰাৰ্থী সুৰেশ পদছালাৰ মনোনয়নো একে কাৰণতে বাতিল কৰা হৈছিল।

আজিয়ে আছিল ইন্দোৰৰ মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন। একেবাৰে শেষ মুহূৰ্তত বামৰ এই সিদ্ধান্ত লৈ কংগ্ৰেছ অস্বস্তিত পৰিছে। বিশেষকৈ কংগ্ৰেছ শিবিৰে এই খবৰ লাভ কৰা আগতেই মধ্যপ্ৰদেশৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী বিজয়বৰ্গিয়াই মনে মনে এই অভিযান সম্পূৰ্ণ কৰে।

উল্লেখ্য যে, মধ্যপ্ৰদেশৰ ইন্দোৰক মিনি মুম্বাই বুলি কোৱা হয়। ২৪ এপ্ৰিলত বামে কংগ্ৰেছ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে। মাত্ৰ চাৰিদিনৰ ভিতৰতে বামে বিজেপিত যোগদান কৰে । শপতনামাত বামে ৫৭ কোটি টকাৰ সম্পত্তিৰ তথ্য দিছিল। বামৰ নামত গাড়ী নাই যদিও বামৰ হাতঘড়ীৰ মূল্য প্ৰায় ১৪ লাখ টকা।