মোডী চৰকাৰৰ মুক্ত বাণিজ্য চুক্তিৰ বিৰুদ্ধে বৃহৎ আন্দোলনৰ আহ্বান জনাইছে সংযুক্ত কৃষক মৰ্চা (এছ কে এম)ই। কৃষক মৰ্চাই সকলো এফটিএ (মুক্ত বাণিজ্য) বাতিলৰ দাবী জনাই সমগ্ৰ দেশতে বিশাল গণ সমাৱেশৰ পৰিকল্পনা কৰিছে।
সংযুক্ত কৃষক মৰ্চাই এক লাখ গাঁৱত এক কোটি কৃষক স্বয়ংসেৱক, কৃষক পঞ্চায়ত গঠন আৰু এশৰো অধিক মন্ত্ৰী, সাংসদ, বিধায়কৰ সৈতে বৈঠক অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে।
সংযুক্ত কৃষক মৰ্চা হৈছে পাঁচশৰো অধিক কৃষক সংগঠনৰ এটা সন্মিলিত সংগঠন। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত তেওঁলোকে কয় যে দ্বিপাক্ষিক আৰু বহুপক্ষীয় বাণিজ্য চুক্তিৰ প্ৰতিবাদত যুৱ কৃষক স্বয়ংসেৱক নিযুক্তি দিয়া হ’ব। এক কোটি স্বয়ংসেৱক সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰে ২.৫ লাখ মহিলা কৃষক থাকিব। ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত এক লাখ গাঁৱত কৃষক পঞ্চায়ত অনুষ্ঠিত হ’ব।
এই সভাসমূহত কৃষকসকলৰ মাজত সজাগতা বৃদ্ধি কৰা হ’ব। সংযুক্ত কৃষক মৰ্চাৰ নেতাসকলে কয় যে ইতিমধ্যে এটা প্ৰতিনিধি দলে দেশৰ বিভিন্ন প্ৰান্তৰ এশৰো অধিক মন্ত্ৰী, সাংসদ, বিধায়কৰ সৈতে বৈঠকত মিলিত হৈছে। তেওঁলোকৰ ওচৰত দাবী পত্ৰ জমা দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈও এখন সাক্ষাৎ বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰা হৈছে। অৱশ্যে এতিয়ালৈকে কোনো সময় লাভ কৰা হোৱা নাই।
কৃষকসকলে দেশৰ ৬৫ শতাংশ জনসংখ্যা হৈও প্ৰধানমন্ত্ৰীৰ কাষ চাপিব পৰা নাই বুলি নেতাসকলে অভিযোগ উত্থাপন কৰিছে। ২০২১ চনত কৃষকৰ আন্দোলন প্ৰত্যাহাৰ কৰাৰ সময়ত চৰকাৰে লিখিত আশ্বাস দিছিল। কিন্তু ঋণ ৰেহাই আৰু নূন্যতম সমৰ্থন মূল্য বা এম এছ পিৰ আইনী স্বীকৃতিৰ দৰে দাবী পূৰণ হোৱা নাই বুলি তেওঁলোকে দাবী কৰিছে। এইবাৰ এফ টি এৰ বিৰুদ্ধে নতুন যুঁজ আৰম্ভ কৰাৰ চৰ্চা চলিছে। অহা ৩ অক্টোবৰত লখিমপুৰ খেৰী শ্বহীদ দিৱসত এক লাখ গাঁৱত মহাপঞ্চায়ত অনুষ্ঠিত হ’ব।
২৬ নৱেম্বৰৰ পৰা এই আন্দোলন পূৰ্ণগতিত আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।মুক্ত বাণিজ্য চুক্তিয়ে ঘৰুৱা কৃষি আৰু ক্ষুদ্ৰ উৎপাদকসকলৰ ক্ষতি কৰিব বুলি কৃষক সংগঠনসমূহে বিশ্বাস কৰে। সস্তীয়া আমদানি বৃদ্ধি হ’লে স্থানীয় কৃষকৰ আয় হ্ৰাস পাব। খাদ্যৰ স্বাৱলম্বীতাও ভাবুকিৰ সন্মুখীন হ’ব পাৰে। এফ টি এ বাতিলৰ উপৰিও এম এছ পি আইনী নিশ্চয়তা, ঋণ ৰেহাই আৰু অন্যান্য কৃষি সুৰক্ষাৰ দাবীও এছ কে এমে উত্থাপন কৰিছে।
ইতিমধ্যে আন্দোলনৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে। অহা ১২ অক্টোবৰত হাৰিয়ানাৰ কৰ্ণালত অনুষ্ঠিত হ’ব এছ কে এম ৰাষ্ট্ৰীয় পৰিষদ আৰু সাধাৰণ পৰিষদৰ বৈঠক। তাতেই আন্দোলন সন্দৰ্ভত বিতং সিদ্ধান্ত লোৱা হ’ব। যদিহে চৰকাৰে দাবী মানি নলয়, তেনেহ’লে নৱেম্বৰৰ পৰা দিল্লীকে ধৰি দেশৰ এশৰো অধিক স্থানত বৃহৎ সমাৱেশ আৰু শোভাযাত্ৰাৰ পৰিকল্পনা কৰা হৈছে।





