NORTHEAST NOW (Assamese)

মাইক নাঁতৰালে মৃতদেহ গণনা কৰিবলৈ সাজু থাকিব লাগিব : যোগীৰাজ্যত মছজিদলৈ পত্ৰ সনাতনীৰ

July 14, 2024 11:49 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

“মছজিদৰ লাউড স্পীকাৰ বন্ধ নকৰিলে মৃতদেহ গণনা কৰিব লাগিব” – এনে এক ভাবুকিৰ পত্ৰই আতংক বিয়পাই তুলিছে     উত্তৰ প্ৰদেশৰ গাজীয়াবাদ জিলাত।

যদিও চিঠিখনত কাৰো নাম লিখা নাই, তথাপিও তলত ‘সনাতনী’ বুলি লিখা আছে।

সেয়ে এতিয়া প্ৰশ্ন হৈছে, কোনো হিন্দু সংগঠনে এই চিঠিখন লিখিছে নেকি? দুষ্ট চক্ৰই ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবে আকৌ এবাৰ অশান্তি তথা সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব খুজিছে নেকি?

ইয়াৰ পিছতেই এতিয়া মছজিদৰ নিৰাপত্তাৰ বাবে বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

উল্লেখ্য যে গাজীয়াবাদৰ মোডী নগৰৰ আদৰ্শ নগৰ কলনীত অৱস্থিত সুনহাৰী মছজিদ। শনিবাৰে পুৱা ইয়াত নামাজ পঢ়ি থকাৰ সময়তে এই চিঠিখন মছজিদ চৌহদত উদ্ধাৰ হয়। য’ত লিখা আছিল, ‘মুছলমানসকলে আমাৰ কথা কাণ দি শুনা। মছজিদৰ লাউড স্পীকাৰৰ পৰা শব্দ ওলালে ফল ভাল নহ’ব। যদি কিবা শব্দ হয় তেন্তে মৃতদেহ গণনা কৰিবলৈ সাজু থাকা’

এই পত্ৰ লাভ কৰাৰ পিছত মছজিদ কৰ্তৃপক্ষই মুৰাদনগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। এই চিঠিখন কোনে মছজিদৰ ভিতৰত থৈ গৈছিল সেই কথা জানিবলৈ অঞ্চলটোৰ চিচিটিভি ফুটেজ তদন্ত কৰি থকা হৈছে। লগতে মছজিদৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

Related News